State Will Soon hold five Assemblies and one Rajya Sabha:ৰাজ্যত শীৰ্ঘেই অনুষ্ঠিত হ’ব ৫ বিধানসভা এক ৰাজ্যসভাৰ

assam assembly

State Will Soon hold five Assemblies and one Rajya Sabha:

লোকসভা নিৰ্বাচন অন্ত পৰিল যদিও শীৰ্ঘেই ৰাজ্যৰ ৰাজনৈতিক দল সমূহ সাজু হৈছে পুনৰ এক নিৰ্বাচনৰ ৷

অসমৰ পাঁচ বিধানসভা আৰু এখন ৰাজ্যসভা আসনৰ বাবে অচিৰেই হ’ব উপ-নিৰ্বাচন

উল্লেখ্য যে,৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ ১৪ জন নিৰ্বাচিত সাংসদৰ ভিতৰত পাঁচ জন বিধানসভাৰ সদস্য হোৱাৰ বিপৰীতে এজন কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷

লোকসভালৈ নিৰ্বাচিত হোৱা পাঁচ বিধায়ক হ’ল চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী,কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু ঢলা সমষ্টিৰ বিধায়ক তথা পৰিবহন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

ৰকিবুল হুছেইন ধুবুৰীৰ পৰা ,জয়ন্ত বসুমতাৰী কোকোৰাঝাৰৰ পৰা, ৰঞ্জিত দত্ত শোণিতপুৰ ,ফণীভূষণ চৌধুৰী বৰপেটাৰ পৰা ,পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে ৷

আনহাতে ৰাজ্যসভা বাবেও উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব শীৰ্ঘেই ৷ কিয়নো কাজিৰঙাৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাৰ সদস্য আছিল ৷

Exit mobile version