Pakistan is a Member of the UN Security Council:ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অন্তৰ্ভুক্ত পাকিস্তান

অস্থায়ী সদস্যপদ লাভ আন চাৰি দেশৰ

uno

Pakistan is a Member of the UN Security Council:

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নির্বাচিত হ’ল পাকিস্তান। কালি মুঠ পাঁচখন দেশক অস্থায়ী সদস্য নির্বাচিত কৰিলে নিৰাপত্তা পৰিষদে। অষ্টমবাৰলৈ নিৰাপত্তা পৰিষদৰ সদস্য হ’ল পাকিস্তান। মুঠ ১৮২ ভোট লাভৰে পাকিস্তানে নিৰাপত্তা পৰিষদৰ স্থান লাভ কৰিলে।

পাকিস্তানৰ বাদেও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ কৰিলে ছোমালিয়া, ডেনমার্ক, গ্রীচ আৰু পানামাই। ২০২৫ৰ জানুৱাৰীৰ পৰা ২০২৬ৰ ডিচেম্বৰলৈকে নিৰাপত্তা পৰিষদৰ সদস্য হৈ থাকিব এই পাঁচ ৰাষ্ট্ৰ। আন্তর্জাতিক নিৰাপত্তাসহ নানা বিষয়ৰ আলোচনাত নিৰাপত্তা পৰিষদত অংশ ল’ব পাৰিব এই পাঁচ দেশে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য পদ লাভ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ‘এক্স’ত আজি এইদৰে লিখিলে, ‘১৮২ টা ভোট লাভৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰাটো পাকিস্তানৰ পক্ষে গৌৰৱৰ বিষয়। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাত পাকিস্তানৰ কূটনৈতিক ভূমিকাৰ প্ৰতি আস্থা ৰাখিছে সমগ্ৰ বিশ্বই। আগন্তুক দিনত শান্তি আৰু স্থিতাৱস্থা বৰ্তাই ৰাখিবলৈ কাম কৰি যাব পাকিস্তান।’

Exit mobile version