Chandrababu Naidu was sworn in by two top leaders of the AGP:অন্ধ প্ৰদেশত মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

অনুষ্ঠানত অংশগ্ৰহণ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

NAIDU OATH 1

Chandrababu Naidu was Sworn in by two Top Leaders of the AGP:

দাক্ষিণাত্যৰ অন্যতম শক্তিশালী ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ অন্যতম আঞ্চলিক ৰাজনৈতিক শক্তি তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডুৱে আজি চতুর্থবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে। একেদৰে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় জে এছ পিৰ মুৰব্বী তথা জনপ্ৰিয় অভিনেতা পৱন কল্যাণে ৷

উল্লেখ্য যে,বৰ্তমান এনডিএ চৰকাৰৰ অন্যতম অংশীদাৰ দল চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণৰ জেএছপিৰ সকলোকে এই বিশেষ ক্ষণত অসম গণ পৰিষদে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে ৷

উল্লেখ্য, ১৩৫খন বিধানসভাৰ আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা চন্দ্ৰবাবু নাইডুৰ দল টি ডি পিয়ে পৱন কল্যাণৰ দল জে এছ পিৰ সৈতে মিলি অন্ধ্ৰত চৰকাৰ গঠন কৰিছে।

আজিৰ শপত গ্ৰহণ অনুষ্ঠানত এনডিএ-ৰ সহযোগী দল অসম গণ পৰিষদৰ জেষ্ঠ নেতাদ্বয়- ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে।

উল্লেখ্য যে,জনাকীৰ্ণ শপত গ্ৰহণত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী সহ কে’বা খনো ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷

Exit mobile version