Robbers Arrested With Pistols in Guwahati: মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ ঘটনা !

ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল বহি:ৰাজ্যৰ ডকাইত, পিষ্টল সহ আটক

hedayatpur

Robbers Arrested With Pistols in Guwahati:

মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ দিন দুপৰতে ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল বহি:ৰাজ্যৰ এটা ডকাইত।

এই ঘটনা সংঘটিত হয় বুধবাৰে হেদায়েৎপুৰত ৷ পি ডি জুৱেলাৰ্ছত সোনৰ গহনা ক্ৰয় কৰিবলৈ গ্ৰাহকৰ বেশত গহনাৰ দোকানত প্ৰৱেশ কৰিছিল এজন যুবক ৷ জুৱেলাৰ্ছৰ চেলচ্ কৰ্মচাৰীয়ে বিভিন্ন ধৰণৰ সোণৰ আ- অলংকাৰ দেখুৱাই থকাৰ মাজতে যুৱকজনে হঠাতে কৰ্মচাৰীক স্প্ৰে মাৰি ভাবুকিৰে নিব বিচাৰিছিল সোণৰ অলংকাৰ৷ কিন্ত

কৰ্মচাৰীৰ তৎপৰতাত সোণৰ আ-অলংকাৰ নিব নোৱাৰি যুৱকজনে জুৱেলাৰ্ছৰ পৰা তৎক্ষণাত ওলাই পলাবলৈ বিচাৰিছিল যদিও স্থানীয় লোকে কৰায়ত্ত কৰি উত্তম-মাধ্যম দিয়ে ৷ যুৱকজনৰ পৰা উদ্ধাৰ হয় এটা পিষ্টল ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা বহি:ৰাজ্যৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, শেহতীয়াকৈ বহি:ৰাজ্যৰ বিভিন্ন অপৰাধীৰ ঘাটি হৈ পৰিছে গুৱাহাটী মহানগৰ ৷ ৰাজপথত দিন দুপৰতে পথত খোজকাঢ়ি গৈ থকা মহিলাৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ দৰে ঘটনা সংঘটিত কৰি গৈছে বহি:ৰাজ্যৰ অপৰাধীবোৰে ৷ কিন্ত এইক্ষেত্ৰত স্মাৰ্ট আৰক্ষীয়ে লোৱা নাই কোনো সময়োচিত কাৰ্য ব্যৱস্থা ৷ যাৰবাবে সন্ত্ৰষ্ট হৈ পৰিছে মহানাগৰিক ৷

Exit mobile version