Four-year-old Child has been Diagnosed With bird Flu in West Bengal: পশ্চিমবংগত চাৰি বছৰীয়া শিশুৰ শৰীৰত বাৰ্ডফ্লুৰ সংক্ৰমণ চিনাক্ত

wbengal

Four-year-old Child has been Diagnosed With bird Flu in West Bengal:

পশ্চিমবংগত প্ৰথমবাৰলৈ মানৱ শৰীৰত ধৰা পৰিল এইচ৯এন২ ভাইৰাছৰ সংক্ৰমণ। চাৰি বছৰীয়া এটি শিশুৰ শৰীৰত বার্ডফ্লু অর্থাৎ পক্ষীজুৰ সংক্ৰমণ ধৰা পৰিল। বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য সদৰী কৰিলে।

গুৰুতৰ শ্বাসকষ্ট, জুৰ আৰু পেটৰ বিষৰ দৰে উপসৰ্গৰে যোৱা ফেব্ৰুৱাৰীত শিশুটিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল আৰু তিনিমাহ ধৰি চিকিৎসাৰ অন্তত চিকিৎসকে সুস্থ ঘোষণা কৰিছিল। সম্প্রতি চিকিৎসকে দাবী কৰা অনুসৰি, উক্ত শিশুৰ শৰীৰত বাৰ্ডফ্লুৰ সংক্ৰমণ হৈছিল।

শিশুটিৰ ঘৰৰ আশে-পাশে হাঁহ আৰু কুকুৰাৰ গঁড়াল আছিল আৰু ইয়াৰ জৰিয়তে তেওঁৰ শৰীৰত বাৰ্ডফুৰ বীজাণু প্রৱেশ কৰা বুলি ধাৰণা কৰা হৈছে। বিশ্ব স্বাস্থ্যসংস্থাই লগতে জনোৱা অনুসৰি, ২০১৯ বৰ্ষৰ পাছত ভাৰতত এইচ৯এন ২ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঘটনা নিশ্চিত কৰা হ’ল।

Exit mobile version