Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ : কৰ্মস্থানত নিজৰ মতামত প্ৰকাশ নকৰা ভাল হ’ব। স্ত্রীৰ ব্যৱহাৰে আপোনাক মনত আঘাত দিব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং বগা। শুভ সংখ্যা ২।

বৃষ: ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। দিনৰ ভাগত ব্যৱসায়ত কিছু আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। স্ত্ৰীৰ লগত তর্ক নকৰাই ভাল হ’ব। শুভ বহু নীলা। শুভ সংখ্যা ৭।

মিথুন: ভাল ব্যৱহাৰে দ্বাৰা অন্য মানুহক প্ৰভাৱিত কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। আজি দিনটো শুভ দিন। প্রেমত শুভ ফল। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

কর্কট: সন্তানৰ বাবে খৰচ বাঢ়িব পাৰে। মা-দেউতাৰ শৰীৰলৈ চিন্তা বাঢ়িব। ব্যৱসায় দিশত বিশেষ লাভৰ শুভ যোগ দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

সিংহ: ঘৰৰ পৰা দূৰত ভ্ৰমণ যোৱাৰ আলোচনা হ’ব পাৰে। পৰাপক্ষত বিদ্যার্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিয়ক। প্ৰেমৰ দিশত বাধা দেখা যায়। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

কন্যা: বিদ্যার্থীসকলৰ বাবে নতুন পথ মুকলি হ’ব পাৰে। ব্যৱসায় দিশত অশান্তি দেখা যায়। আপোনাৰ ব্যৱহাৰে কৰ্মস্থানত আপোনাক লাভান্বিত কৰিব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮।

তুলা: অর্থনৈতিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ দ্বাৰা যিটো কাম সম্ভৱ নহয়, সেইটো কাম আৰম্ভ নকৰিব। শত্ৰুৰ পৰা সাৱধান হওক। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

বৃশ্চিক: পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। সন্তানৰ শুভ কৰ্মৰ বাবে সমাজৰ আগত সন্মানিত হ’ব। উচ্চ শিক্ষাৰ শুভ ফল। শুভ ৰং কমলা। শুভ সংখ্যা ৯।

ধনু: বিদ্যার্থী সকলৰ বাবে শুভ ফল। পৰাপক্ষত টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। আজি নিজৰ সুবিধাৰ বাবে কোনো কাম আৰম্ভ কৰিব পাৰে। শুভ ৰং মাখন। শুভ সংখ্যা ৪।

মকৰ: যান-বাহন চলাচলত বিপদ হ’ব পাৰে। প্ৰেমত শুভ ফল। ব্যৱসায়ৰ দিশত অশান্তি হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

কুম্ভ: ঘৰুৱা খৰচৰ বাবে সঞ্চয় কম হ’ব পাৰে। ভাল কোনো কামৰ বাবে সুনাম বাঢ়িব পাৰে। ঘৰলৈ আত্মীয় অহাৰ সম্ভাৱনা দেখা যায়। শুভ ৰং মটিয়া। শুভ সংখ্যা ৪

মীন: ঘৰৰ পৰা কিছু মূল্যবান বস্তু হেৰুৱাব পাৰে। স্বাস্থ্যৰ বাবে খৰচ বৃদ্ধি হ’ব। ভ্ৰমণৰ দিশত শুভ ফল। প্রেমত বাধা দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।

Exit mobile version