Horoscope:দিনটোৰ ৰাশিফল

horoscope new 13

Horoscope:দিনটোৰ ৰাশিফল

মেষ: উন্নত পৰিবেশ। মানসিক দিশতো অনুকুল দেখা যায়। সা-সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা। কোনো সম্পদ বা সম্মানৰ গৰাকীও হ’ব পাৰে। শুভ ৰং হালধীয়া।

বৃষ: প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক। জ্ঞাতি- কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক। শৰীৰ মধ্যম। বিদ্যাত যত্ন ৰাখক। শুভ ৰং ক’লা।

মিথুন: আজি খুব উন্নত ফল নাপাব। বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব। বাধ্যবাধকতা হ’লেও ভাবিচিন্তি কাম কৰক। ব্যৱসায়ত শুভ। শুভ ৰং ৰঙা।

কর্কট: এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব। পাৰিবাৰিক উন্নত। প্ৰাপ্য ধন হাতলৈ অহাৰ যোগ। বন্ধুবৰ্গৰ সহায়-সহযোগ দেখা যায়। পঢ়া- শুনাত মধ্যম। দাম্পত্যত শুভ। শুভ বং সেউজীয়া।

সিংহ: বাধা-বিঘিনি কিছু হ্রাস হ’ব পাৰে দুপৰীয়াৰ পৰা। বাকী সময়ত সাবধান থকাটো ভাল। বিশেষকৈ প্রবঞ্চকৰ পৰা ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। প্রেমত গতানুগতিক। শুভ ৰং কমলা।

কন্যা: শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে ত’তে ‘একো মন্তব্য নিদিব। সমগ্র দিনটো আপোনাৰ উৎসাহজনক। শুভ ৰং বগা।

তুলা: আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই। এই ক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি আশান্বিত হ’ব। বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক। ঘৰুৱা ভালেই। শিল্পীৰ উৎসাহ। শুভ ৰং নীলা।

বৃশ্চিক: খৰচ পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব। অন্যান্য কিছুরে সামাজিক, ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব। পঢ়াত মন ৰাখক, দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে। শুভ ৰং মেৰুণ।

ধনু: ক্রমে দিনটো কিছু আশাপ্রদ। অবশ্যে নিশ্চিন্তও নহয়। খুব ফৰকাল লাগি নাথাকিব। বিদ্যাত মনোযোগ বঢ়াওক। জাতি-কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা। শুভ ৰং বগা।

মকৰ: কৰ্মক্ষেত্ৰত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব। সৰু-সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাব পেলাব পাবে। দাম্পত্যত মধ্যম সময়। শুভ ৰং সেউজীয়া।

কুম্ভ: অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়। শৰীৰ, মন আৰু পৰিৱেশ নিজৰ বাৰ বজালৈ আশাপূর্ণ নহ’ব পাৰে। কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পাছত অনুকূল। প্রেমত মধ্যম। শুভ ৰং ক’লা।

মীন: অনুকুল পৰিবেশ। বন্ধু-বান্ধৱৰ পৰা সহানুভূতি পাব। নিজৰ উন্নতিব বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব। সুসংবাদত খুচি হ’ব পাৰে। দাম্পত্যত বেয়া নহ’ব। শুভ ৰং হালধীয়া।

Exit mobile version