Krishna Kumari Rai Quits As MLA:শপত গ্ৰহণৰ এদিনৰ পাছতে বিধায়ক পদ ত্যাগ ছিকিমৰ বিধায়িকাৰ

বিধায়ক পদ ত্যাগ কৰিলে ছিকিমৰ মুখ্যমন্ত্ৰীৰ পত্নী কৃষ্ণা কুমাৰী ৰায়ে, নামচি-ছিংথিথাং সমষ্টিৰ পৰা বিজয়ী হৈছিল কৃষ্ণা কুমাৰী, শেহতীয়া নিৰ্বাচনত পৰাভূত কৰিছিল এছ ডি এফৰ প্ৰাৰ্থী বিমল ৰায়ক

sikim cm wife 1

Krishna Kumari Rai Quits As MLA:

শপত গ্ৰহণ কৰাৰ এদিন পিছতে বৃহস্পতিবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ পত্নী কৃষ্ণ কুমাৰী ৰায়ে বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰে । সদ্য সমাপ্ত ৰাজ্য বিধানসভা নিৰ্বাচনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ বিমল ৰায়ক পৰাস্ত কৰি নামচি-সিংহিথাং বিধানসভাৰ আসনত জয়ী হৈছিল কৃষ্ণ কুমাৰী ৰায় । এই সন্দৰ্ভত ছিকিম বিধানসভাৰ সচিব ললিত কুমাৰ গুৰুঙে কয় যে বিধানসভাৰ অধ্যক্ষ এম এন শ্বেৰ্পাই কৃষ্ণ কুমাৰীৰ পদত্যাগ গ্ৰহণ কৰিছে।

উল্লেখ্য যে,বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰেম সিং তামাঙে ফেচবুকত এটা পোষ্টত কৈছিল, ‘মোৰ পত্নীৰ পদত্যাগৰ খবৰ সন্দৰ্ভত… মই বুজাব বিচাৰিছো ছিকিমৰ প্ৰিয় আৰু সন্মানীয় জনসাধাৰণৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছো যে দলৰ কল্যাণ আৰু উদ্দেশ্যক অগ্ৰাধিকাৰ দি তেওঁ দলৰ সিদ্ধান্ত অনুসৰি নিজৰ আসন খালী কৰিছে।

পোষ্টটোত তামাঙে কয়, ‘এইটো মন কৰিবলগীয়া যে, এছ কে এম পাৰ্টিৰ সংসদীয় সমিতিৰ অনুৰোধত তেওঁ আমাৰ দলৰ কল্যাণৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তামাঙে কয় যে আমাৰ দলৰ সভাপতি হিচাপে তেখেতৰ নিষ্ঠা আৰু অদম্য সমৰ্থনৰ বাবে মই তেওঁৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ মুৰব্বীগৰাকীয়ে কয় যে প্ৰকৃত আৰু নিষ্ঠাবান বিষয়ববীয়াক ছিকিমৰ জনসাধাৰণৰ সেৱাৰ সুযোগ দিয়াৰ বাবে দলটোৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু নামচি-সিংহথাং সমষ্টিৰ ক্ষেত্ৰতো বাসিন্দাসকলে শীৰ্ঘেই এজন নিষ্ঠাৱান আৰু প্ৰকৃত বিধায়ক লাভ কৰিব যিয়ে তেওঁলোকৰ স্বাৰ্থৰ সেৱা কৰিব।

Exit mobile version