Ranger arrested for taking bribe in Jorhat:যোৰহাটত হাত দাঙিলে ৰেঞ্জাৰে

১লাখ ৩০ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকৰ দলে

johat

Ranger arrested for Taking Bribe in Jorhat:

যোৰহাটত দুৰ্নীতি নিবাৰকৰ জালত আঞ্চলিক বন বিষয়া। এজন লোকৰ পৰা ১ লাখ ৩০ হাজাৰ টকা উৎকোচ লওঁতেই ৰেঞ্জাৰ ইকবাল আহমেদক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

উল্লেখ্যে যে, এজন লোকক অনুজ্ঞা পত্ৰ দিয়াৰ নামত দাবী কৰিছিল ৪ লাখ ৫০ হেজাৰ টকা ৷ ইতিপূৰ্বে লোকজনৰ পৰা আহমেদে লৈছিল ৩ লাখ টকা ৷ বাকী ১লাখ ৫০ হেজাৰ টকা আজি লওতেই পূৰ্বৰে পৰা খাপপিটি থকা দুৰ্নীতি নিবাৰকৰ দলে হাতেলোটে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ ৰেঞ্জাৰজনক ।

মনকৰিবলগীয়া যে,পূৰ্বৰে পৰা বন বিষয়াগৰাকীৰ বিৰুদ্ধে আছিল বহু অভিযোগ। ইতিমধ্যে ধৃত বনাঞ্চলিক বিষয়াজনক অধিক তথ্যৰ বাবে গুৱাহাটীলৈ অনাৰ বাবে সাজু হৈছে দুৰ্নীতি নিবাৰক শাখা ৷

Exit mobile version