Guwahati Two Flyover:মহানগৰীৰ উৰণ সেতুত ইটোৰ পিছত সিটোকৈ বিসংগতি

মুকলিৰ ছমাহ নৌহওঁতেই মেলিছে ফাট,চপৰা চপৰে খহিছে বিট'মিন , সদ্য নিৰ্মিত লখৰা উৰণ সেতুত বৃহৎ ফাট

flyover

Guwahati Two Flyover:

মহানগৰীৰ দুখন উৰণ সেতু নিৰ্মাণৰ ছমাহ সম্পূৰ্ণ নৌহওঁতেই চপৰা চপৰে খহিছে ৷ গড়চুক উৰণ সেতুৰ বিসংগতিৰ পিছত এইবাৰ সদ্য নিৰ্মিত লখৰা উৰণ সেতুত বৃহৎ ফাট ৷ ফেব্ৰুৱাৰীত মুকলি হৈছিল ২৭ নং ৰাষ্ট্ৰীয় পথৰ সদ্য নিৰ্মিত সেতু কেইখন ৷

উল্লেখ্য যে,খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ২৭ ৰাষ্ট্ৰীয় পথত আছে পাঁচ খনকৈ উৰণ সেতু ৷ পাঁচমাহ পূৰ্বে ততাতৈয়াকৈ চলাচলৰ বাবে উৰণ সেতু কেইখন মুকলি কৰি দিয়া হৈছিল যদিও শেহতীয়াকৈ গড়চুক উৰণ সেতুৰ মাজত চপৰা চপৰে খহিছে বিট’মিন ৷ একেদৰে লখৰা উৰণ সেতুৰ মাজত থকা ডিভাইদাৰৰ বিস্তীৰ্ণ অংশত মেলিছে বৃহৎ ফাট ৷ যাৰবাবে ২৪ ঘন্টাই যানবাহনৰ অহৰহ চলাচলৰ ফলত যিকোনো সময়তে সংঘটিত হ’ব পৰা অঘটনক নুই কৰিব নোৱাৰি ৷

নিৰ্মাণৰ ছমাহ নৌহওঁতেই সদাব্যস্ত ২৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত থকা দুখনকৈ সেতুৰ বিসংগতিক লৈ চিন্তিত হৈ পৰিছে ৰাইজে ৷ এইক্ষেত্ৰত নিৰ্মাণৰ স’তে জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানক জবাবদিহি কৰিবনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ৷

Exit mobile version