Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: দিনটোত আর্থিক সমস্যা থাকিব। কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে। অৱশ্যে নিষ্ঠাৰে আগবাঢ়িলে বিপদত নপৰিব। কৰ্ম প্ৰকৃতিৰ পৰিৱৰ্তনৰ ওপৰত নজৰ ৰাখক।

বৃষ: শৰীৰ প্ৰায় অনুকূলমুখী। বিদ্যাত যত্নবান হওক। অযথা কামত মূল্যবান সময় নষ্ট নকৰাই ভাল। আর্থিকত শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি। সন্তানসম্ভৱা মহিলাসকল সাৱধান থাকিব।

মিথুন: আর্থিক দিশত বেছি বাধা নাপাব। ৰাজনীতিত কূট-কৌশল কাৰ্যকৰী হ’ব পাৰে। নতুন বন্ধু লাভ। ব্যৱসায়ত শুভ ফল পাব। দৈহিক দিশত বিষ- বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান।

কর্কট: আর্থিকত বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাঁহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। ফুৰা-চকাত সাৱধান থাকিব। প্রেমত বাধা।

সিংহ: দিনটো বৰ উন্নত নহ’ব পাৰে। ঘৰুৱা কাৰণত মন বিক্ষিপ্ত থাকিব। পৰিৱেশ পৰিৱৰ্তনৰ যোগ। বিদ্যাত শুভ। সন্তানসম্ভৱা মহিলাসকলে চিকিৎসকৰ দ্বাৰা উপকৃত হ’ব।

কন্যা: দৈহিক দিশত শুভ ফল পাব। আর্থিকতো কিছুৱে উপকৃত হ’ব। মানসিক চাপ থাকিব। নিষ্ঠাৰে কৰ্মত হাত দিয়ক, কৃতকার্য হ’ব। দাম্পত্য জীৱনত সহযোগ থাকিব।

তুলা: আর্থিকত ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিছু প্ৰতিকূল থাকিব। আনৰ কথা শুনি কামক অৱহেলা নকৰিব।

বৃশ্চিক: শৰীৰ সামান্য দুর্বল থাকিব। বিদ্যাত বিশেষ জটিলতা দেখা নাযায়। কিন্তু মনোযোগত দৃঢ় হ’ব লাগিব। ভ্রমণত বাধাপ্রাপ্ত হ’ব পাৰে। সৎ বন্ধু লাভ। প্ৰেমত আন্তৰিকতা।

ধনু: মোটামুটিভাবে দিনটো অনুকূল। ব্যৱসায়িক যোগাযোগত আশান্বিত হ’ব। নতুন উৎসাহেৰে কৰ্মত মন দিলে সক্ষম হ’ব। প্রেমত মধ্যম। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা আঁতৰিব।

মকৰ : প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। চাৰি-চকীয়া বাহনৰ পৰা সাৱধান থাকিব। দাম্পত্য জীৱন গতানুগতিক। বহুদিনীয়া কল্পনাৰ কিছু যেন পূৰণৰ আশা দেখিব। ভ্রমণাদিত মধ্যম।

কুম্ভ: আর্থিক দিশত আয় বৃদ্ধিৰ লগতে খৰচো বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত মন দিয়াৰ সম্পূৰ্ণ অৱকাশ নাপাব। কর্মক্ষেত্রত স্থিতি ঠিকেই থাকিব। দহো দিশত সাৱধান থাকিব।

মীন: শৰীৰ প্ৰায় ভালেই থাকিব। পঢ়া-শুনাত খুব বেয়া নহ’ব। ঘৰুৱাত মজলীয়া ফল পাব। আর্থিক সমস্যা সমাধানৰ কাৰক। কাৰোবাৰ বিবাহৰ যোগ।

Exit mobile version