Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু-সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা। বিদ্যাত মধ্যম ফল, দাম্পত্যত মধ্যম। শৰীৰৰ ওপৰত নজৰ ৰাখক। শুভ ৰং ৰঙা।

বৃষ: আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে। জ্ঞাতি-কুটুম্বৰ পৰা মধ্যম সহাৰি। উপযুক্তই পুৰস্কৃত হ’ব। বন্ধুৰ আন্তৰিকতা। প্ৰেমত বদনাম। শুভ ৰং ক’লা।

মিথুন: অনুকূল পরিবেশ। শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি। আপোন ব্যক্তিৰ পৰা সুখ। কর্মব্যস্ততা থাকিব। ভ্রমণ, সম্মান আদিৰ যোগ। শুভ ৰং হালধীয়া।

কর্কট: গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা। পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে। বিদ্যাত অবশ্যে সিমান বেয়া দেখা নাযায়। নিৱনুৱাসকল চেষ্টাত সফল হ’ব পাৰে। শুভ ৰং সেউজীয়া।

সিংহ: উন্নত পৰিবেশৰ আশা। পাৰিবাৰিক সুসংবাদ পোৱাৰ কাৰক। আর্থিক দিশত কিছু ভালেই। পঢ়া-শুনাত যোগ্যতা থাকিব। কোনো লোকৰ সান্নিধ্যত সুখ পাব। শুভ ৰং নীলা।

কন্যা: মজলীয়াভাবে দিনটোৱে সহায় কৰিব। কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে। আত্মবিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক। বিদ্যাত শুভ। শুভ ৰং মেৰণ।

তুলা: আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। দুর্ভাৱনাই দিনটো আমনি কৰিব। ব্যৱসায়ত গুপ্ত শত্ৰুৰ পৰা সাৱধান। ভ্রমণৰ চেষ্টাত লাভবান হ’ব। ঘৰুৱাত নতুন পৰিৱেশ। শুভ ৰং সোণালী।

বৃশ্চিক: আনন্দ লাভ। সুসংযোগত মনত উৎসাহ থাকিব। আর্থিক দিশত সীমান উন্নত নহ’লেও অসুবিধাতো নপৰিব। কর্মক্ষেত্ৰত উন্নত পৰিৱেশ। ব্যৱসায়ত শুভ। শুভ ৰং কমলা।

ধনু: ঘৰুৱা দিশত বেয়া নহ’ব। দুই-এটা চেষ্টাত সাফল্য। কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব। কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব। শুভ ৰং বেঙুনীয়া।

মকৰ :খৰচ পাতি ৰোধ কৰাৰ চেষ্টা কৰক। ফুৰা-মেলাতো সাৱধান হওক। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা শুভ ৰং ৰঙা।

কুম্ভ: সাৱধানেৰে চলক। শৰীৰ বৰ শুভ বুলিব নোৱাৰি। কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক। বাদ-বিসম্বাদৰ পৰা আঁতৰক। শুভ ৰং নলী।

মীন: ৰাজহুৱা কামত খ্যাতি স্নান নহয়। শৰীৰ মধ্যম। বন্ধুবৰ্গৰ লগত সু সম্বন্ধ থাকিব। বিদ্যাত ভালেই। ব্যৱসায়ীসকল বাধাৰ সম্মুখীন হ’ব পাৰে। ভ্রমণত সুখ। শুভ ৰং মেৰুণ।

Exit mobile version