Two Poachers killed in Forest Guard Shooting:নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনৰক্ষীৰ গুলীবৰ্ষণ

চোৰাং মাছমৰীয়ালৈ লক্ষ্য কৰি গুলীবৰ্ষণ, গুলীচালনাত থিতাতে নিহত দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিন

lowkhua

Two Poachers killed in Forest Guard Shooting:

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বনৰক্ষীৰ গুলীত থিতাতে নিহত হৈছে দুজনকৈ চোৰাং মাছমৰীয়া ৷

প্ৰাপ্ত খবৰ অনুসৰি, লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰৰ অন্তৰ্গত ৰৌমাৰী বিলত শুক্ৰবাৰে নিশা দুজন যুৱকে চোৰাংকৈ মাছ মাৰি থকা অৱস্থাত কৰ্তব্যৰত বনৰক্ষীয়ে দুয়োকে প্ৰত্যক্ষ কৰি দুয়োকে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও দুয়ো পলায়ন কৰাৰ বাবে চেষ্টা কৰোতেই বনৰক্ষীয়ে গুলীচালনা কৰে ৷ ফলত থিতাতে নিহত হয় দুই ভাতৃ ৷

নিহত দুই মাছমৰীয়াৰ ঘৰ জুৰীয়াৰ ধিংবৰি চাপৰি গাঁৱত৷ আনহাতে নিশাই মাছমৰীয়া দুজনৰ মৃতদেহ বনবিভাগে নগাঁও অসামৰিক চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনহাতে বনৰক্ষীৰ গুলীচালনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী- চিআৰপিএফৰ বৃহৎ দল মোতায়েন কৰা হৈছে ৷ একেদৰে বন বিভাগেও সশস্ত্ৰ বনৰক্ষী নিয়োগ কৰি জ্যেষ্ঠ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে ৷

Exit mobile version