Young man died in a mass beating in Sibsagar:শিৱসাগৰত গণ প্ৰহাৰত মৃত্যু এজন যুৱকৰ

গণ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন, ম'বাইল চুৰিৰ অপৰাধত একাংশ লোকে উপযুপৰি কৰিছিল প্ৰহাৰ

sibsagar

Young man died in a mass beating in Sibsagar

পুনৰ গণ প্ৰহাৰৰ ঘটনা। দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ ৷ আনহাতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷
এই লোমহৰ্ষক ঘটনা সংঘটিত হয় শিৱসাগৰৰ ফুকন নগৰত ৷ ম’বাইল চুৰিৰ সন্দেহত পাপু গোৱালা আৰু দাদু গোৱালা নামৰ দুই যুৱকক একাংশ লোকে উপযুপৰি প্ৰহাৰ কৰে। গণ প্ৰহাৰত থিতাতে প্ৰাণ গ’ল পাপু গোৱালা নামৰ যুৱকজন ৷

ADVERTISEMENT

আনহাতে সংকটজনক অৱস্থাত দাদু গোৱালা নামৰ যুৱকজনক আৰক্ষীয়ে ততাতৈয়াকৈ ভৰ্তি কৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ স’তে জড়িত সকলৰ সন্ধানত অভিযান চলাইছে যদিও এজনকো আটক কৰিবলৈ সক্ষম নহয় ৷ এই ঘটনাই ফুকন নগৰত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

 

Exit mobile version