dal

Penefits of Porridge:কোনবিধ দাইলত কি পুষ্টিগুণ আছে সেই বিষয়ে আমি কিমান জানো ?

# কি দাইলৰ কি উপকাৰিতা?

ভাত-দাইল শব্দটো আমাৰ অসমীয়া সমাজৰ বাবে অতি পৰিচিত। ভাতৰ স’তে বহুতকে দাইল লাগিবই। বহুতে ৰুটিৰ স’তেও দাইল খায়। নানান স্বাদৰ ব্যঞ্জনৰ স’চে নানা ধৰণৰ দাইল ব্যৱহাৰ কৰা হয়। মণ্ড, মচুৰ, ৰহৰ, মটৰ, বুট ইত্যাদি অনেক প্ৰকাৰৰ দাইল আমাৰ পাতত থাকে। কিন্তু কোনবিধ দাইলত কি কি পুষ্টিগুণ আছে সেই বিষয়ে আমি কিমান জানো?

➡️ কেঁচা মণ্ড দাইলত আছে প্রচুব পৰিমাণৰ প্ৰ’টিন, ভিটামিন ‘বি’, পটাছিয়াম, মেগনেছিয়াম, ফ’লেট, মেংগানিজ, কপাৰ, জিংক আৰু ফাইবাৰ। সেয়ে এই দাইল যেনে সুস্বাদু সিমানেই পুষ্টিকৰ

➡️ মচুৰ দাইলত প্ৰ’টিন, পটাছিয়াম, ফাইবাৰ, এচেন্সিয়েল এমিন’ এচিড, আয়বন, ভিটামিন ‘বি-১’ প্ৰচুৰ পৰিমাণে থকাৰ বাবে এইবিধ দাইল অত্যন্ত পুষ্টিকৰ। এইবিধ দাইলে তেজত শৰ্কৰা আৰু কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ⇨ ৰহৰ দাইল অত্যন্ত পুষ্টিকাৰক। এই দাইলত কেলছিয়াম, আয়ৰন, মেগনেছিয়াম, ফলিক এচিড, ভিটামিন ‘বি’ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে আছে।

➡️ বুটৰ দাইলত আছে প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন, আয়ৰন, জিংক, মেংগানিজ, ফাইবাৰ, কপাৰ, ফ’লেট, মলিবডেনামৰ দৰে জৰুৰী উপাদান। এই উপাদান আমাৰ শৰীৰৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী। এই দাইল যিমান সুস্বাদু, সিমানেই পুষ্টিকৰ।

➡️ ঔটেঙা দিয়া মাটিমাহৰ দাইলৰ আঞ্জা আৰু সৰু মাছৰ ভাজি। শুনিলেই অসমীয়াৰ জিভাৰ পানী পৰে। বিশেষকৈ অসমীয়া সমাজব ভোজত মাটিমাহৰ গুৰুত্ব অপৰিসীম। আচলতে ভোজ বুলিলে কিছু বেছিকৈয়ে পেটলৈ যাব পাৰে। সেই ক্ষেত্ৰত হজমৰ সমস্যা দূৰ কৰে মাটিমাহৰ দাইলে। এইবিধ দাইলত প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন আছে।,

➡️ আপুনি বাৰু বর্ধিত ওজনৰ বাবে চিন্তিত নেকি? তেন্তে ভাতৰ পাতত ৰাজমাৰ আঞ্জা ৰাখিবলৈ আৰম্ভ কৰক। ৰাজমাত আছে প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন আৰু ফাইবাৰ, যি তেজত কলেষ্টেৰলৰ মাত্ৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

Exit mobile version