Nine best ways to Prevent Constipation:কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ নটা শ্রেষ্ঠ উপায়:

health

Nine best ways to Prevent Constipation:কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ নটা শ্রেষ্ঠ উপায়

কোষ্ঠকাঠিন্য এক সততে দেখা দিয়া খাদ্যৰ হজমজনিত অসুবিধা। কিন্তু কোষ্ঠকাঠিন্যত ভোগাৰ সময়ছোৱা পাৰ কৰাটো এক জটিল কাম। কোষ্ঠকাঠিন্য যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত দেখা দিব পাৰে। অৱশ্যে সাধাৰণতে বয়সস্থ লোকসকলেহে এই সমস্যাত ভোগে। যদি আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাত ভূগিছে, তেন্তে সপ্তাহটোত তিনিবাৰ এনে সমস্যা অতিক্ৰম কৰাব বাবে সাজু থাকক। কোষ্ঠকাঠিন্যত আক্রান্ত বহু লোকে নাড়ী-ভুৰুতো বিষ বেদনা অনুভৱ কৰে। বহু সময়ত মলত্যাগৰ পৰিমাণ কম হ’ব পাৰে। অৱশ্যে গুৰুতৰ অসুস্থতা নহয়। তৎসত্ত্বেও যদি হঠাৎ কোষ্ঠকাঠিন্যতাত ভুগিছে আৰু তাৰ বাবে তলপেটত সহ্য কৰিব নোৱৰা বিষ অনুভৱ কৰে, তেন্তে তৎক্ষণাতে চিকিৎসকৰ ওচৰলৈ যাওক।

কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ শ্ৰেষ্ঠ উপায়কেইটা-

* কোষ্ঠকাঠিন্য সৃষ্টি কৰিব পৰা খাদ্য যেনে কল, চক্লেট, কাঢ়া চাহ অথবা কফি ত্যাগ কৰক। নিয়মিতভাবে শাক-পাচলি খাবলৈ লওক। প্রতিদিনে দুকাপ ফলৰ ৰস খাওক। ফল-মূল আৰু শাক-পাচলি নিয়মিতভাবে খাবলৈ ল’লে কোষ্ঠকাঠিন্যক নিয়ন্ত্রণত ৰাখিব পাৰি।

* নিয়মীয়াভাবে ব্যায়াম কৰক। দৈহিক কাম-কাজে অন্ত্ৰৰ মাংসপেশীক উদ্দীপনা যোগায় আৰু খাদ্য হজম কৰাত সহায় কৰে। ইয়ে পেটৰ আন অংশৰ পৰা অন্ত্ৰলৈ খাদ্য যোৱাৰ সময়ো হ্রাস কৰে।

* প্ৰচুৰ পৰিমাণে পানী খাওক। প্রতিদিনে অন্ততঃ আঠৰ পৰা ১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। পানীয়ে কেৱল অন্ত্রক শক্তিশালীয়ে নকৰে, খোৱা খাদ্য হজম হোৱাত সহায় কৰে।

* আইচক্রীম, চীজ, মাংস, পিজ্জা অথবা সংসাধিত খাদ্য খোৱাটো ত্যাগ কৰক। কাৰণ এনে খাদ্যত আঁহজাতীয় দ্রব্য পোৱা নাযায়। ফলত এই খাদ্যসমূহে কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

* মানসিক চাপ হ্রাস কৰক। যদি মগজুৰ ওপৰত চাপ থাকে, তেতিয়া পেটৰ নাড়ী-ভূৰতো চাপ পৰে। সেয়েহে মানসিক চাপ দূৰ কৰাৰ ব্যৱস্থা কৰক।

* ভাৰসাম্যশীল খাদ্য গ্রহণ কৰক। এনে খাদ্যই কোষ্ঠকাঠিন্যৰ সমস্যা নাশত সহায় কৰে। এনে খাদ্য বুলি ক’লে মাহ, গাজি, দাইল, মৌৰ ৰস, মটৰ, পালেং, বীন, গাজৰ, বন্ধাকবিৰ দৰে সেউজীয়া শাক-পাচলি আৰু ফল-মূল, গাখীৰ আদিকো বুজায়। বাটাৰ, ঘিউ, মাখন আদি সদায়ে খাব পাৰে।

* খাদ্য তালিকাত অধিক আঁহজাতীয় খাদ্য অন্তর্ভুক্ত কৰক।

* অধিক পৰিমাণত কেলচিয়াম থকা আহাৰ যেনে গাখীৰৰ পৰা তৈয়াৰী দ্রব্য খাওক। এনে ‘খাদ্য দেহৰ অংগৰ বাবে ভাল আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে।

Exit mobile version