Cylinder explosion at Fancy Bazar Ghat in Guwahati:মহানগৰীৰ ফাঁচীবজাৰ ঘাটত বিস্ফোৰণ

প্ৰচণ্ড বিস্ফোৰণে কপাই গ'ল সমগ্ৰ অঞ্চল, নতুনকৈ নিৰ্মাণধীন নৌবন্দৰত সংঘটিত হয় বিস্ফোৰণ বিস্ফোৰণত নিহত এজন শ্ৰমিক,আহত সাত

fancybazzar

Cylinder explosion at Fancy Bazar Ghat in Guwahati:

মহানগৰীৰ ফাঁচীবজাৰ ঘাটত সন্ধিয়া সংঘটিত হয় বিস্ফোৰণ ৷ বিস্ফোৰণৰ প্ৰচণ্ড শব্দই কপাই যায় সমগ্ৰ অঞ্চল ৷

উল্লেখ্য যে,ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মীয়মান ৰিভাৰ টার্মিনেলত ওৱেল্ডিং কৰি থকা সময়তে চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷ বিস্ফোৰণটি ইমানেই শক্তিশালী আছিল যে কৰ্মৰত আঠজন শ্ৰমিক নদীৰ বুকুত ছিটিকি পৰে ৷ গুৰুতৰভাৱে আহত আঠজন শ্ৰমিকক নদীৰ বুকুৰ পৰা সুকলমে উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ ৷ ইয়াৰে এজন শ্ৰমিক চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাবটি লয় ৷

চিলিণ্ডাৰ বিস্ফোৰণ এল এণ্ড টি কোম্পানীৰ কাম চলি থাকোতেই সংঘটিত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷

Exit mobile version