Shooting Incident in Bangaigaon: বঙাইগাঁৱত গুলীচালনা ঘটনা

দুৰ্বৃত্তৰ গুলীচালনাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সচিব, নিহত সচিবজন চিপনশিলা পঞ্চায়তৰ সচিব

bangaigaon murder

Shooting Incident in Bangaigaon:

বঙাইগাঁৱত দিনদুপৰতে দুৰ্বৃত্তৰ গুলীচালনা ৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত হয় পঞ্চায়তৰ সচিব ৷ এই ঘটনা বুধবাৰে সংঘটিত হয় কাঁহীডুবাত ৷ ইতিমধ্যে এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

প্ৰাপ্ত খবৰ মতে,বঙাইগাঁৱৰ চিপনশিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসে নিজৰ বাহনেৰে কাৰ্যালয়ৰ পৰা গৃহাভিমুখী হোৱাৰ পথত কাঁহীডুবাত গাড়ী খন পাকিং কৰি এখন হোটেল চাহ খাবলৈ যাওতে বাইকত অহা দুজনীয়া দুৰ্বৃত্তই শূন্য দূৰত্বৰ গুলীচালনা কৰে ৷ মুৰত গুলী লগা পঞ্চায়ত সচিবজন হোটেলৰ সন্মুখতে শেষ নিশ্বাস ত্যাগ কৰে ৷

আনহাতে মুখত কাপোৰ বন্ধা দুৰ্বৃত্তৰ দলটোৱে গুলীচালনা কৰিয়েই বাইকত পলায়ন কৰে ৷ দিন দুপৰতে দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড পাছতে হুৱাদুৱা লাগে কাঁহীডুবা চ’কত ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সচিবজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷ এই পৰ্যন্ত দুৰ্বৃত্তৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই যদিও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version