46 Lakh as a Result of Trading Addiction:ট্রেডিং আসক্তিৰ পৰিণতিত বিটেক শিক্ষার্থীয়ে হেৰুৱালে ৪৬ লাখ টকা

trading

46 Lakh as a Result of Trading Addiction:

শ্বেয়াৰ বজাৰৰ জৰিয়তে একাংশ বিনিয়োগকাৰীয় যথেষ্ট মুনাফা অর্জন কৰি আহিছে। কিন্তু একাংশ বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰি বৃহৎ লোকচানৰ সন্মুখীনো হয়। ট্রেডিং অর্থাৎ শ্বেয়াৰ বজাৰত পুঁজি বিনিয়োগৰ আসক্তি কেতিয়াবা অতি ভয়াৱহ হ’ব পাৰে।

এনে এক ঘটনাৰ তথ্য সম্প্রতি পোহৰলৈ আহিছে। এজন চাটার্ড একাউনটেন্টে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰা অনুসৰি, বিটেকৰ এজন শিক্ষার্থীয়ে ফিউচাৰ্ছ এণ্ড অপচনছ (এফএণ্ডঅ’)ত ৪৬ লাখ টকা হেৰুৱালে। চিএ ৰোচন আগৰৱালে এই তথ্য সদৰী কৰি ‘এক্স’ত উল্লেখ কৰা অনুসৰি, আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত বিটেক পাঠ্যক্রম অধ্যয়নৰত উক্ত যুৱকে তেওঁৰ উপাৰ্জন শূন্য বুলি ঘোষণা কৰিলে।

এফএণ্ডঅ’ৰ মাধ্যমৰে তেওঁ চলিত বৰ্ষত ২৬ লাখ টকাৰ লোকচান বহন কৰিছিল। আনহাতে, যোৱা বিত্তীয় বর্ষত ছাত্রজনে ট্রেডিঙত ২০ লাখ টকা হেৰুৱাইছিল। এইদৰে মুঠ ৪৬ লাখ টকা হেৰুৱালে ছাত্রজনে। ছাত্রজনে আগৰৱালৰ আগত প্ৰকাশ কৰা অনুসৰি, বিটেক তৃতীয়বৰ্ষত অধ্যয়নৰ বাবে তেওঁক অধিক ধনৰ প্রয়োজন হৈছিল আৰু উপাৰ্জনৰ বাবে শ্বেয়াৰ বজাৰৰ আশ্রয়লৈছিল। ট্রেডিঙৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্রহ আছিল আৰু বন্ধু-বান্ধৱৰ পৰা ধন ধাৰলৈ লৈ পুঁজি বজাৰত বিনিয়োগ কৰিছিল।

তদুপৰি বেংক আৰু আন উৎসৰ পৰাও বৃহৎ পৰিমাণৰ ঋণ লৈ তেওঁ ট্রেডিঙত বিনিয়োগ কৰিছিল। কিন্তু ইয়াৰ পাছতো দুবছৰত ট্রেডিঙৰ জৰিয়তে তেওঁ ৪৬ লাখ টকা হেৰুৱালে।

Exit mobile version