How to keep your teeth white:দাঁত বগা ৰখাৰ উপায়

teeth

How to keep your teeth white:

খাদ্যবস্তু চোবাই খোৱাৰ বাবেই কেবল নহয়, দাঁতে মুখৰ সৌন্দর্যও বৃদ্ধি কৰে। কিন্তু অজানিতে আমি শৰীৰৰ এই গুৰুত্বপূৰ্ণ অংগক অৱহেলা কৰি থাকো। সঠিকভাবে দাঁত ব্ৰাছ নকৰা বা মঘহা, খোৱাবোৱাৰ পাছত ভালদৰে মুখ নোধোৱা আদি বিভিন্ন কাৰণত বগা দাঁতে হালধীয়া বৰণ ধৰিলেই হাঁহিৰ সৌন্দৰ্যও হেৰাই যায়। অৱশ্যে এই সমস্যাৰ পৰা মুক্তিৰ উপায়ো আছে। আমাৰ হাতৰ কাষতে আছে এনে কেতবোৰ খাদ্য, যিবোৰে দাঁতৰ হেৰোৱা সৌন্দর্য ঘূৰাই আনিব পাৰে।

ষ্ট্ৰবেৰী: বর্তমান প্রায় সর্বত্রই ষ্ট্ৰবেৰী পোৱা যায়। দামো বৰ বেছি নহয়। দাঁত চকচকীয়া কৰি ৰখাত ষ্ট্ৰবেৰী অতিশয় কার্যকৰী। ষ্ট্ৰবেৰীত আছে মেলিক এচিড নামৰ এবিধ উপাদান, যি দাঁতৰ ওপৰ ভাগত জমা হোৱা হালধীয়া আবৰণ দূৰ কৰাত সহায় কৰে। তৈলাক্ত আৰু অতিৰিক্ত মছলাযুক্ত খাদ্য খালে দাঁতৰ ওপৰভাগত এটা স্তৰৰ সৃষ্টি কৰে, যি দাঁতৰ ৰং হালধীয়া কৰে। এই স্তৰ দূৰ কৰাত কাৰ্যকৰী হৈছে ষ্ট্ৰবেৰী

গাজৰ : গাজৰত থকা প্ৰচুৰ পানীয়ে দাঁত বগা কৰাত ইয়াৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে। গাজৰে মুখৰ লেলাৱটি তৈয়াৰ কৰাতো সহায় কৰে। ফলত খাদ্য খোৱাৰ পাছত যিটো স্তৰ দাঁতৰ ওপৰত জমা হৈ থাকে, সেয়া সহজে পৰিষ্কাৰ হয়। ইয়াৰ উপৰি দাঁতৰ ক্ষয় ৰোধ কৰি দাঁত সহল কৰাতো গাজৰ অতি উপকাৰী।

দৈঃ মুখশুদ্ধি বা খাদ্য হজম কৰাৰ বাবেই যে দৈ উপকাৰী, সেয়া নহয়। ইয়াৰ লগতে দাঁত ৰক্ষা কৰাতো দৈ অতিশয় উপকাৰী। দাঁতৰ এনামেল ক্ষতিগ্রস্ত হোৱাৰ ফলত দাঁতৰ ৰং হালধীয়া হৈ পৰিব পাৰে। দৈত থকা কেলছিয়াম আৰু প্ৰ’বায় ‘টিক্স দাঁতৰ এনামেলৰ বাবে উপকাৰী। সেয়ে নিয়মিতৰূপে দৈ খাব পাৰিলে দাঁত বগা আৰু চকচকীয়া হৈ থাকিব।

Exit mobile version