Number of visitors to the Mata Vaishno Devi temple has declined since the terrorist Attack:সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছৰে পৰা মাতা বৈষ্ণো দেবী মন্দিৰত হ্ৰাস দৰ্শনাৰ্থীৰ সংখ্যা

mandir

Number of visitors to the Mata Vaishno Devi temple has declined since the terrorist Attack:

কিছুদিন পূর্বে জম্মু-কাশ্মীৰত কটৰাৰ সমীপত তীর্থযাত্ৰীৰ বাছত সন্ত্রাসবাদীয়ে চলোৱা আক্ৰমণৰ পাছৰে পৰা মাতা বৈষ্ণো দেবী মন্দিৰ দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট হ্রাস পাইছে।

ADVERTISEMENT

মন্দিৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি, সন্ত্রাস আক্ৰমণৰ ঘটনাৰ পূৰ্বে দৈনিক গড়ে ৫০ৰ পৰা ৫৫ হেজাৰ ভক্তই বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিছিল। কিন্তু সন্ত্রাসবাদীৰ উক্ত আক্ৰমণৰ পাছত মন্দিৰ দৰ্শনাৰ্থীৰ সংখ্যা ২৫-৩০ হেজাৰলৈ হ্রাস পালে।

সন্ত্রাসবাদীৰ আক্ৰমণৰ শংকাতে মাতাৰ দৰ্শনার্থীৰ সংখ্যা হ্রাস পাইছে বুলি মন্দিৰ পৰিচালনা কর্তৃপক্ষই সদৰী কৰিছে। আজিৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হয় আৰু এই তীর্থযাত্ৰাৰ বাবে ইতিমধ্যে প্রশাসনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। গতিবিধিৰ প্ৰতি নজৰ ৰাখিবলৈ সমগ্র পথছোৱাত এইবাৰ চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে। ইফালে চৰকাৰে মাতা বৈষ্ণো দেবী মন্দিৰলৈ যোৱা পথতো নিৰাপত্তা কটকটীয়া কৰিছে ৷

Exit mobile version