Shocking incident in Mizoram:মিজোৰামত চাঞ্চল্যকৰ ঘটনা

আইজলৰ পৰা পলায়ন চাৰি কুখ্যাত অপৰাধীৰ, কাৰাগাৰলৈ নি থকা পথত বাহনৰ খিৰিকী ভাঙি পলায়ন অপৰাধী কেইটা

aizal

Shocking incident in Mizoram:

চুবুৰীয়া ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলত চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষী জিন্মাৰ পৰা পলায়ন চাৰি দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী ৷

প্ৰাপ্ত খবৰ অনুসৰি, মণিপুৰৰ চাৰি ড্ৰাগছ ব্যৱসায়ীক আইজল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

আইজলস্থ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শুনানিৰ বাবে আদালতলৈ নি থকা পথত চাৰি অপৰাধীয়ে বাহনৰ খিৰিকী ভাঙি পলায়ন কৰে ৷ ইয়াৰ পাছতে আৰক্ষীৰ অপৰাধী কেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

পলায়ন কৰা অপৰাধী কেইটা হ’ল ডেনীয়েল লালজাথাং,খুপাও হাউকিপ,আগষ্টিন চেইখলাল আৰু পাওবৈ চিংচন ৷ উল্লেখ্য যে, এবছৰত আইজল কেন্দ্ৰীয় কাৰাগাৰৰ পলায়ন কৰিছিল ১০ টাকৈ কুখ্যাত অপৰাধীয়ে

Exit mobile version