Kokrajhar Encounter:কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ

গুলীবৃদ্ধ আমিৰ হুছেইন নামৰ এটা অপৰাধী, ২৫ জুনত কোকৰাঝাৰত সংঘটিত এলআইচিৰ ধন লুটৰ সৈতে জড়িত আছিল অপৰাধীটো

dacoit

Kokrajhar Encounter:

কোকৰাঝাৰৰ ছালাকাটিৰ চাহ বাগানত মাজ নিশা আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত আমিৰ হুছেইন নামৰ এটা কুখ্যাত অপৰাধী

উল্লেখ্য যে,২৫ জুনত দিনদুপৰতে কোকৰাঝাৰ চহৰত এল আই চিৰ ধন লুট কৰাৰ ঘটনাৰ স’তে জড়িত আছিল আমিৰ হুছেইন নামৰ ডকাইতটো ৷ বাওঁভৰিত গুলী লগা ডকাইতটোক ইতিমধ্যে ভৰ্তি কৰা হয় কোকোৰাঝাৰ আৰ এন বি চিভিল হাস্পতালত । আমিৰৰ ঘৰ চিৰাং জিলাৰ বিজনীৰ ভাণ্ডাৰত ৷ তদন্তৰ খাতিৰত সংবাদ মাধ্যমক ফটো লোৱাত বাধাৰোপ আৰক্ষীৰ ৷

উল্লেখ্য যে,২৫জুনত কোকোৰাঝাৰ চহৰৰ সদাব্যস্ত আৰএনবি ৰোডত থকা এল আই চি কাৰ্যালয়ৰ পৰা জি এন ৰোডস্থ এক্সিছ বেংকলৈ ৩৪ লাখ জমা থবলৈ যোৱা এজন লোকৰ পৰা টকা ভৰ্তি বেকটো লৈ উধাও হৈছিল বাইকত অহা দুৰ্বৃত্তৰ দলে ৷
ইয়াৰ পিছতে কোকোৰাঝাৰ আৰক্ষী ধন লুটৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ কৰে তদন্ত ৷ কোকৰাঝাৰ জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই সংবাদ মাধ্যমক সদৰি কৰা মতে, এলআইচিৰ ৩৪ লাখ টকা লুটৰ সতে জড়িত থকা ৪ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ শনিবাৰে নিশা কোকোৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ লগতে চিৰাং আৰু ধুবুৰীৰ ভিন্নস্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ধৃত চাৰি অভিযুক্তক ৷

অভিযুক্তৰ স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৩৪ লাখ টকাৰ ২০ লাখ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই ধন লুটৰ সৈতে জড়িত আছে আন কে’বাজনো ৷ অৱশ্যে তদন্তৰ খাতিৰত ধৃত ডকাইত কেইটাৰ নাম সদৰি কৰাৰ পৰা বিৰত থাকে আৰক্ষী বিষয়াজন ৷

Exit mobile version