Country still has Rs 7,581 Crore worth of Rs 2,000 notes in its hands:RBI :এতিয়াও ৭,৫৮১ কোটি টকাৰ দুহেজাৰৰ নোট আছে দেশবাসীৰ হাতত !

RBI 88

Country still has Rs 7,581 Crore worth of Rs 2,000 notes in its hands:RBI

ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ দেশত বাতিল কৰা দুহেজাৰ টকাৰ নোটৰ সন্দৰ্ভত নতুন তথ্য সদৰী কৰিলে। আৰবিআয়ে শেহতীয়াকৈকৈ সদৰি কৰা মতে , দুহেজাৰ টকা মূল্যৰ নোটৰ ৯৭.৮৭ শতাংশ নোট কেন্দ্রীয় বেংকটোৱে উভতাই লাভ কৰিলে।

কিন্তু প্রচলন বাতিল কৰা দুহেজাৰ টকাৰ ৭,৫৮১ কোটি টকা মূল্যৰ নোট এতিয়াও দেশবাসীৰ হাতত আছে বুলি আৰবিআয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে,আৰবিআয়ে ২০২৩ ৰ ১৯ মে’ৰ পৰা পর্যায়ক্রমে দেশত ২০০০ টকা মূল্যৰ নোটৰ প্রচলন সম্পূৰ্ণৰূপে প্রত্যাহাৰ কৰিছিল।

Exit mobile version