Six cases of Zika virus have been confirmed in Pune:পুনেত জিকা ভাইৰাছত আক্রান্ত ছয় ৰোগীক চিনাক্ত

zika virious

Six cases of Zika virus have been confirmed in Pune:

মহাৰাষ্ট্ৰৰ পুনেত জিকা ভাইৰাছৰ সংক্রমিত চিনাক্ত হোৱাত ত্রাসৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ স্বাস্থ বিভাগে সদৰী কৰা অনুসৰি পুনেত ছজন লোকৰ শৰীৰত জিকা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে। সংক্রমিত ব্যক্তিব মাজৰ দুগৰাকী গৰ্ভৱতী মহিলাও আছে। পুনেৰ এৰগুৱানে অঞ্চলত এগৰাকী ২৮ বছৰীয়া গর্ভৱতী মহিলা জিকা ভাইৰাছত সংক্রমিত হৈছে। আন এগৰাকী গর্ভৱর্তী মহিলাও এই ভাইৰাছত আক্রান্ত হৈছে। অৱশ্যে দুই মহিলাৰ স্বাস্থ্য স্থিৰ হৈ আছে।

পুনেত ৪৬ বছৰীয়া এজন চিকিৎসক আৰু তেওঁৰ ১৫ বছৰীয়া কন্যাৰ শৰীৰতো জিকা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে। আনহাতে, ৪৭ বছৰীয়া এগৰাকী মহিলা আৰু ২২ বছৰীয়া এজন যুৱকো এই ভাইনাছত সংক্রমিত।

Exit mobile version