Road Accident In Khanapara:মহানগৰীৰ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা

কাগজ কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত ট্ৰাক চালক,গুৰুতৰভাৱে আহত হেণ্ডিমেন

accident

Road Accident In Khanapara:

মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যোৱা নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে আজি পুৱা খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপস্থ ৰাজপথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ট্ৰাক ৷

যোৰাবাটৰ দিশৰ পৰা কাগজ কঢ়িয়াই অনা ট্ৰাক খন পথৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ট্ৰাকখনৰ চালকজন ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ট্ৰাকৰ হেণ্ডিমেনজন ৷ তেওঁক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জিএমচিএইছলৈ

Exit mobile version