26 Indian Origin Mps Elected To UK Parliament:ব্রিটেইনৰ হাউছ অৱ কমন্সত ভাৰতীয় বংশোদ্ভূতৰ ভিৰ

তালিকাত কোন কোন আছে ?

uk mps

26 Indian Origin Mps Elected To UK Parliament:

ব্রিটেইনৰ সদ্য অনুষ্ঠিত নির্বাচনত বৃহৎ জয় সাব্যস্ত কৰিলে লেবাৰ পাৰ্টিয়ে। লেবাৰ পাৰ্টিৰ অভূতপূর্ব বিজয়ত কনজাৰভেটিভ পার্টি ধৰাশায়ী হ’ল। বিদায়ী হাউছ অৱ কমন্সত ভাৰতীয় বংশোদ্ভূত ১৫ জন সাংসদ আছিল।

২০২৪ৰ নিৰ্বাচনত ১০৭ জন ভাৰতীয় মূলৰ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল। সেইসকল ভাৰতীয় মূলৰ ২৬ প্ৰাৰ্থী হাউছ অৱ কমন্সলৈ নির্বাচিত হ’ল। ব্রিটেইনৰ নিৰ্বাচনত কনজাৰভেটিভ দল ধৰাশায়ী হ’লেও উত্তৰ ইংলণ্ড সমষ্টিত জয়লাভ কৰিলে বিদায়ী প্রধানমন্ত্রী ঋষি জুনাকে। লিছেষ্টৰ ইষ্টত জয়লাভ কৰিলে ভাৰতীয় মূল্যৰ লেবাৰ পাৰ্টিৰ নেত্রী শিবানী ৰাজাই।

লেবাৰ পাৰ্টিৰে কণিষ্ক নাৰায়ণে ৱেলছৰ পৰা সাংসদ নির্বাচিত হ’ল। ভাৰতীয় বংশোদ্ভূত ছুয়েলা ব্রেভাবমেনে এইবাৰৰ নিৰ্বাচনতো জয় সাব্যস্ত কৰিলে। একেদৰে কনজাৰভেটিভ পার্টিৰ সদস্য গগন মাহিন্দ্রাই ১৬,৪৫৮ ভোটৰে সাংসদ নির্বাচিত হ’ল।

লেবাৰ পাৰ্টিৰ বৰ্তমানৰ সাংসদ নবেন্দু মিশ্ৰই পুনৰ সংসদলৈ নির্বাচিত হ’ল। একেদৰে লেবাৰ পাৰ্টিৰ আন এজন ভাৰতীয় মূলব নেত্রী সতভিৰ কৌৰে ১৫,৯৪৫ ভোটৰ ব্যৱধানত সাংসদ নির্বাচিত হ’ল।

Exit mobile version