NEEPCO:প্ৰৱল বৃষ্টিপাতৰ বাবে নাগালেণ্ড স্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয় বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত জল এৰি দিবৰ কাৰণে প্ৰকল্পৰ ৰেডিয়েল গেট মুকলিৰ বাবে সাজু

হাই এলাৰ্ট জাৰি গোলাঘাট প্ৰশাসনৰ

doyang

NEEPCO:

উত্তৰ পূৱ বৈদ্যুতিক শক্তি নিগম লিমিটেড( North Eastern Electric Power Corporation Limited, NEEPCO) ৰ দ্বাৰা প্ৰাপ্ত তথ্য মতে প্ৰৱল বৃষ্টিপাতৰ বাবে নাগালেণ্ড স্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয় বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত জল এৰি দিবৰ কাৰণে প্ৰকল্পৰ ৰেডিয়েল গেট মুকলি কৰিব ৷

ADVERTISEMENT

এই সন্দৰ্ভত নীপকোয়ে প্ৰেৰণ কৰা সৰ্তকতামূলক জাননীত উল্লেখ কৰা মতে, বৰ্তমান দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ৰ পানীৰ স্তৰ ৩১৮.৪০ মিটাৰ।  জলাশয়ৰ পানীৰ স্তৰৰ চৰম সীমা ৩২৪.০০ মিটাৰ যদিও ৩২১.০০  মিটাৰ অতিক্ৰম কৰিলেই অতিৰিক্ত পানী নিয়ন্ত্ৰিত পদ্ধতিৰে এৰি দিয়াৰ বাবে প্ৰকল্পৰ ৰেডিয়েল গেট মুকলি কৰা হ’ব ৷

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া সকলো ৰাইজক সৰ্তকতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ এই সময়ছোৱাত নদীত মাছ ধৰা, নাঁও চলোৱা, সাতোৰা, গা-ধোৱা আদি কামৰ পৰা সকলো যাতে বিৰত থাকে তাৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে৷

ইয়াৰ লগতে গোলাঘাট জিলাৰ সকলো বিভাগীয় মূৰব্বীকে পৰিস্থিতিৰ প্ৰতি সম্পূৰ্ণ সষ্টম হৈ থাকিবলৈ আৰু প্ৰয়োজন হ’ব পৰা উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা তৎপৰাতাৰে লবলৈ নিৰ্দেশ দিয়া হৈছে ৷

Exit mobile version