State Government has Formed a Special Committee on Panchayats:পঞ্চায়তক লৈ ৰাজ্য চৰকাৰে গঠন কৰিলে বিশেষ কমিটী

জিলা পৰিষদ পৰিচালনাৰ নেতৃত্বত থাকিত জিলাৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত, আঞ্চলিক পঞ্চায়তৰ নেতৃত্ব ল'ব বিধায়ক, পঞ্চায়ত নিৰ্বাচন নোহোৱা পৰ্যন্ত বাহাল থাকিব এই কমিটী

hbs pressmeet

State Government has Formed a Special Committee on Panchayats:

ৰাজ্যৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমূহৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে ৷ ৰাজ্য কেবিনেটে পঞ্চায়ত নিৰ্বাচন নৱেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত শেহতীয়াকে পঞ্চায়তক লৈ ৰাজ্য চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিৰ্বাচন নোহোৱা পৰ্যন্ত পঞ্চায়ত পৰিচালনাৰ বাবে দুখন বিশেষ কমিটী গঠন কৰিলে ৰাজ্য চৰকাৰে। সেই অনুসৰি জিলা পৰিষদ পৰিচালনা বাবে দায়িত্ব দিয়া হয় সংশ্লিষ্ট জিলাৰ দায়িত্বপ্ৰাপ্ত অভিভাৱক মন্ত্ৰীক আৰু আঞ্চলিক পঞ্চায়ত পৰিচালনাৰ নেতৃত্ব দিয়া হয় বিধায়কক ৷

স্মতৰ্ৱ্য যে , অসম কেবিনেটৰ এখন বৈঠকত নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ সিদ্ধান্ত লোৱা হয়। সেই বৈঠকতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ছেপ্তেম্বৰ মাহৰ ভিতৰত পঞ্চায়ত আৰু খণ্ড উন্নয়ন সমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ পঞ্চায়তৰ সীমা পুনঃনিৰ্ধাৰণৰ পিছতহে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

Exit mobile version