Heavy Rainfall In Mumbai:প্রবল বৃষ্টিত ব্যাহত হ’ল মুম্বাই বিমান বন্দৰৰ নিয়মীয়া কাম-কাজ, ৫১ বিমানৰ উৰণ বাতিল

mumbai

Heavy Rainfall In Mumbai:

ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাইত আজি বৃষ্টিপাতে ভয়াৱহ ৰূপ ধাৰণ কৰিলে। ধাৰাসাৰ বৃষ্টিৰ ফলত মুম্বাইৰ ৰাজপথৰ লগতে ৰেলৱে আৰু বিমান বন্দৰতো পানী জমা হৈ নিয়মীয়া কাম-কাজ ব্যাহত কৰিলে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰবল বৃষ্টিৰ কাৰণত আজি মুম্বাইৰ বিমান বন্দৰত ৫১ খন বিমানৰ চলাচল বাতিল কৰা হয়। আনহাতে প্রতিকূল বতৰৰ কাৰণত ২৭ খন বিমানৰ চলাচল পথ সলনি কৰা হয়।

ADVERTISEMENT

অত্যধিক বৃষ্টি আৰু কম দৃশ্যমানৰ কাৰণত আজি পুৱা ২-২২ বজাৰ পৰা ৩-৪০ বজালৈকে মুম্বাই বিমান বন্দৰৰ ৰাণৱেত চলাচল বন্ধ ৰখা হৈছে। বিমানৰ চলাচল প্ৰতিকূল বতৰৰ কাৰণত বাতিল কৰাত যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ল।

Exit mobile version