Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: সাৱধানেৰে কামত অগ্ৰসৰ হওক। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব। দাম্পত্যত বুজা-বুজি ৰাখক।

বৃষ : আর্থিকত কষ্ট অনুভৱ কৰিব। কর্মক্ষেত্ৰত যোগ্যতা দেখুৱাব পাৰিব। লিখা -পঢ়াত অগ্রগতি। বন্ধু-বান্ধবৰ আদৰ। শৰীৰ মধ্যম।

মিথুন: প্রায় অনুকূল প্ৰভাৱ। শৰীৰো প্ৰায় ভালেৰেই পাৰ হ’ব। সন্তানৰ পৰা সু-সংবাদ লাভ। দাম্পত্যত সহায় পাব।

কর্কট: আর্থিকত তেনে বাধা দেখা নাযায়। ঘৰুৱা দিশতো খুব বেয়া নহ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ । ভ্রমণৰ কৰিব পাৰে ।

সিংহ: কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ হ’ব। দৈহিক দিশত শুভ ফল পাব ৷প্রেমত মধ্যম। ঘৰুৱা চিন্তাই ভাৰাক্ৰান্ত কৰিব।

কন্যা: শাৰীৰিক দিশত শুভ। পুৰণা মামলা-মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য।

তুলা : আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান।

বৃশ্চিক: শৰীৰ মধ্যম। কৰ্মত সৰু-সুৰা বাধা থাকিব। ব্যৱসায়ত আনৰ সহায় লাভ। দাম্পত্যত সামান্য বেমেজালি থাকিব ৷

ধনু: মধ্যম ফল। বিদ্যাত জটিল চিন্তা এৰাব পাৰিব। সন্তানৰ বাবে চিন্তা থাকিব। দাম্পত্যতো এৰাধৰাৰ মাজেৰে আগবাঢ়ক।

মকৰ : দিনৰ ১০ বজাৰ পৰা ভাল সংযোগ দেখা যায়। মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব।

কুম্ভ: গতানুগতিক কামত বেছি বাধা নাই। দাম্পত্যত ভালেই। কর্মক্ষেত্রত বাধা আঁতৰিব। শুভ সংবাদ লাভ কৰিব ।

মীন: আনন্দ প্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব । শৰীৰ খুব উন্নত নহ’ব।

Exit mobile version