Morigaon Accident:মৰিগাঁৱৰ ৰাজপথৰ দাঁতিত বাগৰি পৰিল এলপিজি চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

আহত ট্ৰাক চালক

Morigaon Accident:

এক ভয়ানক বিপদৰ পৰা কথমপি ৰক্ষা পৰিল মৰিগাঁৱৰ বাচনাঘাটৰ ফৰেষ্ট গেট অঞ্চল ৷ মৰিগাঁও জাগীৰোড সংযোগী পথৰ বাচনাঘাটৰ ফৰেষ্ট গেটত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষত বাগৰি পৰে এখন চিলিন্দাৰ ভৰ্তি ট্ৰাক।

দুৰ্ঘটনা পতিত এএছ২৫বি৬৬৩৬ নম্বৰৰ ট্ৰাক খনে নুমলিগড়ৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটি৷ পথৰ দাঁতিত বাগৰি পৰাৰ ফলত ট্ৰাক খনে বোজাই লৈ অনা এলপিজি চিলিণ্ডাৰ সমূহ য’তে ত’তে সিঁচৰিত হৈ পৰে ৷ যাক লৈ শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷

উল্লেখ্য যে, ট্ৰাক খনত আছিল ৩০৯ টাকৈ এলপিজি গেছ ভৰ্তি চিলিন্দাৰ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰিছে।

Exit mobile version