Newly Constituted APCC Disciplinary Committee Meets:এপিচিচিৰ নৱগঠিত অনুশাসন সমিতিৰ বৈঠক

দলবিৰোধী কাৰ্যকলাপত জড়িত থকা ছখন জিলাৰ ৩৫ টা অভিযোগ সন্দৰ্ভত সদস্যলৈ জাননী জাৰি

babita sarma

Newly Constituted APCC Disciplinary Committee Meets:

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱগঠিত অনুশাসন সমিতিখনৰ প্ৰথমখন বৈঠক সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত বুধবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হয়।

বৈঠকত অনুশাসন সমিতিৰ অধ্যক্ষ নৃপেন ঠাকুৰীয়া, সম-অধ্যক্ষ ববিতা শৰ্মা আৰু সদস্য সচিব অধিবক্তা ছিৰাজুল হুছেইন শইকীয়াই এই অংশগ্ৰহণ কৰে। বৈঠকৰ সিদ্ধান্ত অনুযায়ী সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা সন্দৰ্ভত সকলো সদস্যলৈ জাননী জাৰি কৰা হৈছে।

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এতিয়ালৈকে ছখন জিলাৰ পৰা ৩৫ টা অভিযোগ লাভ কৰিছে। এই অভিযোগসমূহ নিৰীক্ষণৰ অন্তত অনুশাসন সমিতিয়ে উক্ত জিলা কেইখন ভ্ৰমণ কৰিব আৰু অভিযোগৰ সত্যতা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিব। তথ্য সংগ্ৰহৰ অন্তত অভিযোগৰ সবিশেষ উৰ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Exit mobile version