Sasal :চচলত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি,  বানপানী সমস্যা সমাধানৰ দাবী, জীৱনদায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ দাবীত এই আন্দোলন

asomiya

Sasal :

অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিয়ে আজি চচলত অসমৰ কেইবাটাও জ্বলন্ত সমস্যা সন্দৰ্ভত অৱস্থান ধর্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে। কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কাম-কাজত ক্ষোভ প্রকাশ ‘অত্যাবশ্যকীয় সামগ্রী, পেট্রলজাত সামগ্রী, জীৱনদায়িনী ঔষধকে ধৰি সকলোতে আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সর্ব সাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ বিৰুদ্ধে চচলৰত প্রতিবাদ সাব্যস্ত কৰে।

বিজেপি চৰকাৰে কেৱল বণিক গোষ্ঠীক ব্যক্তিগতভাবে উন্নয়ন কৰাৰ পৰিৱৰ্তে সাধাৰণ ৰাইজক আকাশলঙ্ঘী মূল্য বৃদ্ধিৰে জুৰুলা কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰখন ব্যৰ্থ হৈছে। লগতে খৰালী কালতে অসমৰ ভগ্নপ্ৰায় আৰু জৰাজীৰ্ণ মথাউৰি সমূহ নির্মাণ আৰু দীর্ঘদিনীয়া বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে এই প্ৰতিবাদ

বাৰিষাকালত মথাউৰি সমূহ নিৰ্মাণৰ সুবিধা কৰি কমিচনৰাজ চলোৱা অভিযোগ উত্থাপিত কৰে সংগঠনটোৱে। দেশৰ প্ৰতিজন বান-গৰাখহনীয়া অসমজুৰি ৰাইজৰ সহযোগত ব্যাপক গণ-আন্দোলন কার্যসূচী ৰূপায়ন কৰাৰ লগতে ২০২৬ ৰ বিধানসভা নির্বাচনত ইয়াৰ উচিত প্রত্যুত্তৰ দিবলৈ সাজু সংগঠনতো।

Exit mobile version