Sikkim Assembly is Zero Opposition:বিৰোধী শূন্য হ’ল ছিকিম বিধানসভা !

একমাত্ৰ বিৰোধী বিধায়ক টেনজিং নৰ্বু লামথাৰ এছকেএমত যোগদান

sikkim

Sikkim Assembly is Zero Opposition:

উত্তৰ -পূৰ্বাঞ্চলৰ অতি ক্ষুদ্ৰ পৰ্বতীয়া ৰাজ্য ছিকিমৰ ৰাজ্যিক বিধানসভা হ’ল বিৰোধী শূন্য ৷ সদনৰ একমাত্ৰ বিৰোধী বিধায়ক তথা এছডিএফৰ বিধায়কজনে যোগদান কৰিলে শাসনাধিষ্ঠ ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছকেএমত ৷

উল্লেখ্য যে,চলিতবৰ্ষৰ দুই জুনত অনুষ্ঠিত হৈছিল ৰাজ্য বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ ফলাফলত দ্বিতীয়বাৰৰ বাবে পুনৰ শাসনত অধিষ্ঠিত হয় ছিকিম ক্ৰান্তিকাৰি মৰ্চা ৷ দলটোৱে মুঠ ৩২ খন আসনৰ ভিতৰত ৩১খন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন ছামলিং নেতৃত্বাধীন এছডিএফৰ টেনজিং নৰ্বু লামথাই ছায়াৰী বিধানসভা সমষ্টিৰ পৰা বিজয়ী হয় বিধানসভালৈ ৷ তেওঁ আছিল বিধানসভাৰ একমাত্ৰ বিৰোধী বিধায়ক ৷

কিন্ত ঘটনাক্ৰমে মঙলবাৰে বিধানসভাৰ একমাত্ৰ বিৰোধী বিধায়ক তথা এছডিএফৰ নেতা টেনজিং নৰ্বু লামথাই দলত্যাগ কৰি শাসনাধিষ্ঠ এছকেএমত যোগদান কৰে ৷ মুখ্যমন্ত্ৰী প্ৰেমছিং তামাঙৰ উপস্থিতিত এছকেএমত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

শাসনাধিষ্ঠ দলটোত যোগদান কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত টেনজিং নৰ্বু লামথাই কয়, সমষ্টি উন্নয়নৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত তেওঁ ছিকিম ক্ৰান্তিকাৰি মৰ্চা দলত যোগদান কৰাৰ সিদ্ধান্ত লয়। মুখ্যমন্ত্ৰীৰ মাগদৰ্শনত তেওঁ সমষ্টিত ব্যাপক উন্নতিৰ আশা কৰে ৷

Exit mobile version