Oil Theft by NRL Pipe Hollow:নুমলীগড় তেল শোধনাগাৰৰ পাইপ লাইন ফুটাই তেল চুৰি দুষ্ট চক্ৰৰ

oil thief

Oil Theft by NRL Pipe Hollow:

গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী চকীৰ অন্তৰ্গত নুমলীগড় চাহ বাগিছাৰ সমীপৰ ৰাংচালী এলেকাত নুমলীগড় তেল শোধনাগাৰ {NRL}ৰ খাৰুৱা তেল পৰিৱাহী পাইপ ফুটাই সংগোপনে ভালভ স্থাপন কৰি তেল চুৰি চক্ৰই খাৰুৱা তেল চুৰি কৰি থকাৰ তথ্য বুধবাৰে পোহৰলৈ আহিছে । নুমলীগড় শোধনাগাৰ পৰা শিলিগুৰিলৈকে ডিজেল , পেট্ৰল আদি তেল পৰিবাহী পাইপ লাইন ফুটাই তেল চুৰি চেষ্টা দুষ্ট চক্ৰৰ

তাৎপৰ্য পূৰ্ণ বিষয় যে নুমলীগড় চাহ বাগিছা সমীপৰ ৰাংচালী অঞ্চলত পূৰ্বতেও দুষ্ট চক্ৰই মাটি তলেৰে যোৱা পাইপ লাইন ফুটাই তাত ভাল্ভ স্থাপন কৰি তেল চুৰি কৰি আহিছে যদিও আজি পৰ্যন্ত তেল চুৰি চক্ৰটোৰ শুংসূত্ৰই উলিয়াবলৈ সক্ষম হোৱা নাই গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন।

কিয়নো মাটিৰ পৰা প্ৰায় ছফুট তলত থকা তেল পৰিবাহী পাইপ অতি নিখুঁতভাৱে ফুটাই পাইপত ভালভসহ সংযোগ কৰি অনুমান কৰিব পাৰি যে খাৰুৱা তেল চুৰি কৰা দুষ্ট চক্ৰটো অতিকৈ পাকৈত আৰু এটা বৃহৎ চক্ৰ জড়িত আছে । কাৰণ প্ৰায় এটা বছৰ আগতে উক্ত স্থানতে লোৰ পাইপ স্থাপন কৰি চক্ৰটোৱে তেল চুৰি কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভটো উক্ত পাইপ লাইন নিৰক্ষণত থকা লোকজনে বিভাগীয় কতৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল ।

চিন্তনীয় বিষয় যে এই দুষ্ট চক্ৰটোৱে জিলাখনৰ বিভিন্ন স্থানত সময়ে সময়ে এইদৰেই পাইপ ফুটাই তেল চুৰি কৰি আহিছে ।

Exit mobile version