1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

cavid

1,700 People Die Every Week Worldwide:

ক’ভিড-১৯ অর্থাৎ কৰ’না ভাইৰাছে কেইবছৰমান পূর্বে বিশ্বজুৰি ব্যাপক ত্ৰাসৰ সৃষ্টি কৰিছিল। সেই সময়ত প্ৰতিদিনে হেজাৰৰ অধিক লোকৰ কৰ’নাত মৃত্যু হৈছিল। সম্প্রতি কৰ’নাৰ প্রকোপ যথেষ্ট হ্রাস পালে যদিও বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তথ্য অনুসৰি ক’ভিডে এতিয়াও এই ধৰাৰ পৰা বিদায় লোৱা নাই।

ADVERTISEMENT

বৰঞ্চ বিশ্বত এই সময়তো ক’ভিডত আক্রান্ত হোৱাৰ সময়ত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হৈ আহিছে। হু’ৰ তথ্য অনুসৰি ক’ভিড- ১৯ত বর্তমানেও প্রতি সপ্তাহত প্রায় ১৭০০ জন লোকৰ বিশ্বত মৃত্যু হৈ আহিছে। হু’ৱে কৰ’নাৰ সংক্ৰমণৰ সম্ভাৱনা থকা অঞ্চলসমূহত ক’ভিড প্রতিষেধক অভিযান অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিছে।

হু’ৱে লগতে কয় যে ক’ভিডত বর্তমানলৈকে বিশ্বত সাত নিযুততকৈ অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে যদিও প্রকৃততে এই মহামাৰীত মৃতকৰ সংখ্যা ইয়াতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version