GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ

আয়কৰ দাতা ৮১ লাখলৈ বৃদ্ধি

GST

GST:

ভাৰতত ২০১৭ বর্ষত একাধিক কৰক একত্ৰিত কৰি সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। বিগত সাত বছৰত ভাৰতত জিএছটি ব্যৱস্থাৰ অধীনত চৰকাৰে অভিলেখ পৰিমাণৰ ৰাজহ আহৰণ কৰিলে।

স্বাস্থ্যৰ পৰা আৰম্ভ কৰি কৃষি, শিক্ষা, সেৱা খণ্ডলৈকে সম্প্রতি জিএছটি ব্যৱস্থাই সামৰি লৈছে। যোৱা জুনত ভাৰতত জিএছটি সংগ্ৰহৰ পৰিমাণ আঠ শতাংশ বৃদ্ধি পালে। উক্ত মাহত দেশত মুঠ ১.৭৪ লাখ কোটি টকাৰ জিএছটি সংগ্রহ হৈছিল।

আনহাতে, ২০২৩-২৪ বিত্তীয় বর্ষত দেশত মুঠ ২০.১৮ লাখ কোটি টকাৰ জিএছটি সংগ্রহ হৈছিল। ভাৰতত জিএছটি ব্যৱস্থা প্ৰৱৰ্তনৰ পাছৰে পৰা আয়কৰ দাতাৰ সংখ্যাও ক্রমে বৃদ্ধি পাবলৈ ধৰিছে। ২০১৭ত দেশত আয়কৰ দাতাৰ সংখ্যা আছিল ৬৫ লাখ, বর্তমানে দেশত আয়কৰ দাতাৰ সংখ্যা ৮১ লাখলৈ বৃদ্ধি পালে।

Exit mobile version