Japanese beauty wearing shorts appeals to voters:স্বল্পবস্ত্ৰ পৰিধান কৰা জাপানী সুন্দৰীৰ ভোটদাতাক আহ্বান

মোক আবেদনময়ী গণ্য কৰিলে ভোট দিয়ক

japan election

Japanese beauty wearing shorts appeals to voters:

মোক যদি আপোনালোকে যৌন আবেদনময়ী গণ্য কৰিছে, তেন্তে অনুগ্ৰহ কৰি মোক ভোট দি জয়ী কৰক। দেশৰ ভোটদাতাক এইদৰে নিৰ্বাচনত আহ্বান জনালে জাপানৰ এগৰাকী সুন্দৰীয়ে। প্রকাশিত বাতৰি অনুসৰি এক ভিডিঅ’ ৰীলৰ ক জৰিয়তে জাপানৰ এগৰাকী সুন্দৰীয়ে তেওঁক যৌন আবেদনময়ী বিবেচনা কৰিলে ভোটদাতাক নির্বাচনত ভোটদানৰে জয়ী কৰিবলৈ আহ্বান জনায়।

উক্ত ভিডিঅ’ত নিৰ্বাচনৰ প্ৰাৰ্থী মহিলাগৰাকীয়ে স্বল্পবস্ত্ৰ পৰিধান কৰি যৌন আবেদনময়ী চেহেৰাৰে ভোটদাতাক এনে আহ্বান জনায়। জাপানৰ টকিঅ’ৰ উক্ত নির্বাচন প্রার্থীৰ নাম মিছ উচিন’। উচিন’ই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁ ভোটদাতাৰ দৃষ্টি আকৰ্ষণৰ বাবে স্বল্পবস্ত্ৰ পৰিধান কৰি একাধিক ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছে।

উচিন’ই শেহতীয়াভাবে এক্সত এক ভিডিঅ’ আপলোড কৰি কয় যে ভোটদাতাসকলে যদিহে তেওঁক যৌন আবেদনময়ী গণ্য কৰিছে, তেন্তে আসন্ন নির্বাচনত নিশ্চিতভাৱে তেওঁৰ সপক্ষে ভোটদান কৰিব। নিৰ্বাচনত এইদৰে মহিলা প্রার্থীয়ে স্বল্পবস্ত্ৰ পৰিধান কৰি ভোেট বিচৰা কাৰ্যই জাপানৰ ৰাজনীতিত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Exit mobile version