Horoscope:ৰাশিফল

horoscope new 12

Horoscope:ৰাশিফল

মেষ: বন্ধুৰ কথা শুনি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। ব্যৱসায় দিশত ভাল লাভ হোৱাৰ সময় দেখা যায়। শুভ ৰং বগা। শুভ সংখ্যা -৪।

বৃষ: পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰেমৰ দিশত আঘাত পাব পাৰে। ঘৰুৱা দিশত শান্তি লাভ কৰিব। অতিৰিক্ত পৰিশ্ৰমত ক্রোধ বৃদ্ধি পাব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা-৭।

মিথুন: টকা-পইচাৰ কাৰণে ঘৰত মা-দেউতাৰ লগত বিবাদ হ’ব পাৰে। পঢ়া- শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। পাত-পাখি লৈ আনন্দ লাভ কৰিব। সাংসাৰিক দিশত ব্যয় বাঢ়িব। শুভ ৰং মাখন। শুভ সংখ্যা ২।

কর্কট: কর্মস্থানত সুনাম অর্জন কৰিব পাৰে। বিষয় সম্পত্তি লৈ সংসাৰত অশান্তি হ’ব পাৰে। নতুন কামৰ আৰম্ভ কৰাৰ চেষ্টা কৰক, ভাল ফল দেখা যায়। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।

সিংহ: পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। সন্তানৰ ভাল ব্যৱহাৰে আপোনাক সমাজৰ আগত সন্মানিত কৰাব। ভ্ৰমণৰ দিশত শুভ ফল। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

কন্যা: আনৰ সহায় কৰিব যোৱাত নিজে বিপদত পৰিব। আৰ্থিক ভাৱে ভাল সুযোগ হাতৰ পৰা হেৰুৱাব, পাৰে। গোটেই দিনটো কামৰ মাজেৰে পাৰ হৈ যাব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

তুলা: স্ত্ৰীৰ বাবে বিশেষ কোনো কামৰ সুযোগ পাব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। দুখীয়াক সহায় কৰি শান্তি লাভ কৰিব। গৃহ নির্মাণত বাধা আহিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

বৃশ্চিক: দেহ অশান্তি হ’ব পাৰে। পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক। ব্যৱসায় দিশত উন্নতিৰ ফল। কোনো দৰকাৰী কামত বন্ধুৰ সহায় পাব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৭।

ধনু: সংগীতৰ লগত জড়িত লোকসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। কৰ্মস্থানৰ ফালৰ পৰা বিদেশলৈ যোৱাৰ সম্ভাৱনা। মাতৃ স্থানীয় কাৰোবাৰ লগত বিবাহ হ’ব পাৰে। শুভ ৰং মাখন। শুভ সংখ্যা ৯।

মকৰ : বিদ্যার্থী সকলৰ বাবে আজি দিনটো শুভ। ভাল ফল পাব। আনৰ কথা শুনি যিকোনো সিদ্ধান্ত নল’ব। অতিৰিক্ত ক্ৰোধৰ বাবে, ব্যৱসায় বিপদ হ’ব পাৰে। শুভ ৰং ছাই। শুভ সংখ্যা ২।

কুম্ভ: পাৰিবাৰিক ভাবে শান্তি লাভ। বাসস্থান পৰিৱৰ্তনৰ সম্ভাৱনা। সংসাৰত শ্রীবৃদ্ধি হোৱা শান্তি লাভ। সন্তানৰ বাবে চিন্তা বৃদ্ধি। প্ৰেমত শাস্তি পোৱাৰ সম্ভাৱনা। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

মীন: প্রিয়জনৰ কথা লৈ ঘৰত আলোচনা। ব্যৱসায়ৰ দিশত লোকচান হ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

Exit mobile version