Friendship between AJP And Citizen Action Party Of Sikkim:চিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ সৈতে অসম জাতীয় পৰিষদৰ বন্ধুত্বৰ হাত

খিলঞ্জীয়াৰ স্বাৰ্থত একেলগে কাম কৰিব অজাপ-চিটিজেন একচন পাৰ্টীয়ে,অচিৰেই গঠন হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহৰ ঐক্য মঞ্চ, গুৱাহাটীত অনুষ্ঠিত বৈঠকত সংকল্প ঘোষণা দুই ৰাজ্যৰ দুটা ৰাজনৈতিক দলৰ

sikkim 1

Friendship between AJP And Citizen Action Party Of Sikkim:

চিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অৱ চিকিম‘ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্প লৈছে অসম জাতীয় পৰিষদে ৷ আজি গুৱাহাটীত দল দুটাৰ নেতৃবৰ্গৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ দুয়োটা দলে ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন  ৰাজনৈতিক দলসমূহক লৈ এটি উমৈহতীয় মঞ্চ গঠনৰো অঙ্গীকাৰ ব্যক্ত কৰে ৷ এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক এটি আঞ্চলিক মৰ্চা গঠনৰ হকে দলটোৱে আৰম্ভণিৰে পৰা প্ৰচেষ্টা চলাই আছে ৷

ইতিপূৰ্বে দলটোৱে মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ একাধিক আঞ্চলিক দলৰ সৈতে সংযোগ স্থাপন কৰিছ ৷ নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ আঞ্চলিক দলৰ সৈতেও কথা-বতৰা চলি আছে ৷ এই প্ৰচেষ্টা সফল হ’লে অচিৰেই উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক এক উমৈহতীয়া আঞ্চলিক ৰাজনৈতিক মঞ্চৰ জন্ম হ’ব ৷

চিকিমৰ ৰাজনৈতিক দলটোৰ সৈতে আজিৰ বৈঠক অনুষ্ঠিত হয় গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডৱে’ৰত ৷ অসম জাতীয় পৰিষদৰ হৈ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্য্যকৰী সভাপতি পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, দুই মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য, উপ -সভাপতিদ্বয় চন্দ্ৰকান্ত দাস আৰু অঞ্জন উপাধ্যায়, তিনি সম্পাদক বাণী দাস, জিয়াউৰ ৰহমান আৰু চিত্ত ৰঞ্জন বসুমতাৰী আৰু সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে অংশগ্ৰহণ কৰে ৷

আনহাতে চিটিজেন একচন পাৰ্টী অৱ চিকিমৰ হৈ দলটোৰ মুখ্য সমন্বয়ক গণেশ কে ৰাই, কাৰ্যকৰী সভাপতিত্ৰয় লাকপা শ্বেৰ্পা, এম বি লিম্বু আৰু প্ৰশান্ত বাবু চেত্ৰী, মুকপাত্ৰদ্বয় টি আৰ নেপাল আৰু এলবাৰ্ট গুৰুং তথা দলটোৰ ছাত্ৰ গোটৰ সভাপতি প্ৰকাশ প্ৰাজুলি উপস্থিত থাকে ৷

প্ৰায় এঘন্টাজোৰা আলোচনাৰ পাছত দল দুটাই পাঁচ দফীয়া এখনি যুগ্ম ঘোষণাপত্ৰ জাৰি কৰে ৷ লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু চিটিজেন একচন পাৰ্টীৰ কাৰ্য্যকৰী সভাপতি লাকপা শ্বেৰপাক দল দুটাৰ মাজৰ সমন্বয়ক নিযুক্ত কৰা হয় ৷ সমন্বয়ক দুগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজনৈতিক দলসমূহৰ সৈতে প্ৰস্তাৱিত ঐক্য মঞ্চ গঠনৰ বিষয়েও কথা পাতিব ৷

যুগ্ম ঘোষণাপত্ৰত উল্লেখ কৰা হয় যে দল দুটাই দুয়োখন ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সামাজিক, ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰা তথা সংবৰ্দ্ধনৰ দিশত একেলগে কাম কৰিব ৷ তদুপৰি দুয়োখন ৰাজ্যৰ  স্থানীয় অধিবাসীসকলৰ ৰাজনৈতিক অধিকাৰ তথা স্বাৰ্থ সুৰক্ষিত কৰা, ভূমি আৰু বনজ সম্পদৰ সুৰক্ষা, বহনক্ষম উন্নয়ন আৰু পৰিবেশ সুৰক্ষা, আৰ্থ-সামাজিক বিকাশ, সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষণাবেক্ষন আৰু সংবৰ্দ্ধন আদি দিশত ঐক্যবদ্ধভাৱে কাম কৰিব ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বৈঠকত কয় যে ভাৰতৰ সংবিধানে দেশখনক ‘ইউনিয়ন অৱ ষ্টেটছ’ অৰ্থাৎ ৰাজ্যসমূহৰ সংঘ বুলি কৈ কাৰ্য্যতঃ ৰাজ্যসমূহৰ অস্তিত্ব, সংস্কৃতি আৰু স্বশাসনক স্বীকৃতি দিয়াৰ লগতে ৰাজ্য ভিত্তিক আঞ্চলিক ৰাজনীতিক উৎসাহিত কৰিছে ৷ সেয়েহে আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব আমাৰ দেশত অপৰিসীম ৷ এনে প্ৰেক্ষাপটত, দেশৰ সকলো ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত পাৰস্পৰিক সমন্বয়-সহযোগিতা থকাটো ৰাষ্ট্ৰ-স্বাৰ্থত অতিশয় জৰুৰী ৷

সেই কাৰণে জাতীয় পৰিষদে ইতিপূৰ্বে উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টী, মহাৰাষ্ট্ৰৰ শিৱ সেনা (উদ্ধৱ), তেলেংগানা-অন্ধ্ৰ প্ৰদেশৰ বি আৰ এছ, পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ আদি ৰাজনৈতিক দলৰ সৈতে সমন্বয় স্থাপন কৰিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ কেইবাটাও ৰাজনৈতিক দলৰ সৈতেও ইতিমধ্যে সমন্বয় স্থাপন কৰিছে জাতীয় পৰিষদে ৷ তাৰ ভিত্তিতে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ এটি ঐক্য মঞ্চ গঠনৰ হকে দলটোৱে প্ৰয়াস চলাই আছে ৷

আজিৰ বৈঠকখনক দুয়োটা দলে অসম আৰু চিকিমৰ জনমুখী কল্যাণৰ ক্ষেত্ৰত এক ঐতিহাসিক বৈঠক বুলি মত প্ৰকাশ কৰে ৷ এই প্ৰচেষ্টা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পাৰস্পৰিক সমন্বয়, সহযোগিতা আৰু সম্প্ৰীতিৰ দিশত এক যোগাত্মক পদক্ষেপ বুলি দুয়োটা দলে যুগ্ম ঘোষণাপত্ৰত মত প্ৰকাশ কৰে ৷

Exit mobile version