Shinde Government in Maharashtra will pay Rs 6,000 per Month to 12th Passers:মহাৰাষ্ট্ৰত দ্বাদশ উত্তীর্ণক শিণ্ডে চৰকাৰে মাহে দিব ছয় হেজাৰ টকা

EKNATH SHINDHE

Shinde Government in Maharashtra will pay Rs 6,000 per Month to 12th Passers:

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ শিণ্ডেয়ে ‘লাডলী বহনা যোজনা’ৰ আর্হিত নতুন ‘লাডলা ভাই যোজনা’ ঘোষণা কৰিলে। মুখ্যমন্ত্রী শিণ্ডেয়ে কয় যে এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰ চৰকাৰে দ্বাদশ শ্রেণী উত্তীর্ণ যুৱকক প্রতি মাহে ছহেজাৰ টকাৰ বিত্তীয় সাহায্য প্রদান কৰিব। তদুপৰি ডিপ্ল’মা ধাৰকক আঠ হেজাৰ টকা আৰু স্নাতক ডিগ্রীধাৰী যুৱকক ১০ হেজাৰ টকা মাহে ভাট্টা হিচাপে দিয়া হ’ব।
অহা বছৰত মহাৰাষ্ট্ৰত বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ পূৰ্বে শিণ্ডে চৰকাৰে ‘লাডলা ভাই যোজনা’ ঘোষণা কৰি যুৱকসকলৰ মন জয়ৰ চেষ্টা চলালে।

Exit mobile version