Ex. Cm P K Mahanta’s residence in Rakibul Hussain :প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত পুত্ৰ সহ সাংসদ ৰকিবুল হুছেইন

মহন্ত পুত্ৰ শ্যামন্ত মহন্তৰে মতবিনিময় ৰকিবুলৰ,সাংসদ গৰাকীয়ে স্বাস্থ্যৰ বুজ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ

pm mahanta1

Ex. Cm P K Mahanta’s residence in Rakibul Hussain :

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত পুত্ৰ শ্যামন্ত কাশ্যপক কংগ্ৰেছলৈ অনাৰ বাবে ব্যাপক চৰ্চা চলি থকাৰ মাজতে শণিবাৰে দুপৰীয়া ভাগত কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে পুত্ৰ সহ উপস্থিত হয় দিছপুৰস্থ এম এল এ হোষ্টেলৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসগৃহত ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ফুলাম গামোচা পিন্ধাই ৰকিবুল হুছেইনে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মহন্তৰ অধিবক্তা পুত্ৰ শ্যামন্ত কাশ্যপৰে বাৰ্তালাপ কৰে ৷ কিছু সময় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ঘৰত কটোৱাৰ পিছতে ধুবুৰীৰ সাংসদ গৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰাটো সম্পূৰ্ণ সৌজন্যতামূলক ৷ ইয়াত ৰাজনীতিৰ কোনো কথা নাই ।

উল্লেখ্য যে,নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ পৰা দীৰ্ঘদিন ধৰি বিধায়ক আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ ২০২৩ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰে হোৱা বুজাবুজি মৰ্মে বঢ়মপুৰ সমষ্টি বিজেপিক এৰি দিয়ে অগপই ৷ সেই অনুসৰি নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাক পৰাভূত কৰি বিধানসভালৈ নিৰ্বাচিত হয় ৷

আনহাতে ঘটনাক্ৰমে বঢ়মপুৰ সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী তথা জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰে ৷ মহন্তৰ দূৰ্গ স্বৰূপ বঢ়মপুৰৰ কংগ্ৰেছ সম্ভাব্য প্ৰাৰ্থী ৰূপে এপিচিচিয়ে মনে প্ৰাণে বিচাৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ শ্যামন্ত কাশ্যপক ৷ ২০২৬ ৰ পূৰ্বে শ্যামন্তক কংগ্ৰেছত যোগদানৰ পৰিকল্পনা এপিচিচিৰ ৷এনে প্ৰেক্ষাপটত অচিৰেই শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগ দিব নেকি ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৰাজনীতি মহলত ৷

Exit mobile version