Guwahati Theft:মহানগৰীৰ নুনমাটিত চাঞ্চল্যকৰ ডকাইতি

মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতে লুটি নিলে ৬০ হাজাৰ টকা আৰু কে'বালাখ টকাৰ সোণৰ অলংকাৰ, আৰক্ষীৰ তৎপৰতাত ছজনীয়া ডকাইতিৰ দুজনক নিজৰাপাৰাৰ পৰা আটক

nonmati

Guwahati Robbery Incident:

উত্তৰ- পূৰ্বৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ অপৰাধীৰ ভূ-স্বৰ্গলৈ পৰ্যবেশিত হৈছে গুৱাহাটী ৷ যোৱা নিশা নুনমাটিৰ ১ নং আনন্দ নগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ মাতৃ- পুত্ৰক ছজনীয়া ডকাইতৰে দল এটাই প্ৰহাৰ কৰি হাত- ভৰি বান্ধি ছজনীয়া ডকাইতৰ দলে লুট কৰি নিয়ে নগদ ৬০ হেজাৰ টকা আৰু প্ৰায় চাৰি লাখ টকাৰ সোণৰ আ- অলংকাৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি নুনমাটিৰ ১ নং আনন্দ নগৰৰ আবাসী এগৰাকী বিধবা মহিলাই তেওঁৰ কিশোৰ পুত্ৰৰ স’তে শুক্ৰবাৰে নিশা নৈশ আহাৰ কৰি শুই পৰে ৷ কিন্ত নিশা ২-৩০ মান বজাত ছজনীয়া ডকাইতৰে দল এটাই বাসগৃহৰ পাকঘৰৰ খিৰিকীৰ ৰ’ড ভাঙি শোৱনি কোঠাত প্ৰৱেশ কৰি মাতৃ- পুত্ৰৰ মুখত সোপা দি হাত- ভৰি বান্ধি দিয়ে ৷ পিছত চোকা জাতীয় অস্ত্ৰ দেখুৱাই চিঞৰ- বাখৰ নকৰিবলৈ ভাবুকি দিয়ে দুয়োকে ৷ গডৰেজৰ চাবি আৰু নগদ ধন বিচাৰে ৷ ভয়ত বিতত হোৱা মহিলা গৰাকীৰ পৰা চাবি লৈ গডৰেজ খুলি নগদ ৬০ হেজাৰ টকা আৰু চাৰি লাখ টকাৰ সোণ অলংকাৰ লৈ উধাও হয় ছজনীয়া ডকাইতৰ দলটো৷

স্মতৰ্ৱ্য যে,মহিলা গৰাকীয়ে কেইমাহ পূৰ্বে ঘৰৰ নিলগতে থকা তেওঁৰ নিজা ভূমিৰ একঠা পাঁচ লোচা মাটি বিক্ৰী কৰিছিল ৮০ লাখ টকা। সন্দেহ কৰা মতে উল্লিখিত ধন লুট কৰিবলৈকে ডকাইতৰ দলটো আহিছিল। কিন্ত ইতিমধ্যে উক্ত ধনখিনি মহিলা গৰাকীয়ে বেংকত থৈ দিয়াৰ পৰা ডকাইতৰ লুটৰ পৰা ৰক্ষা পৰে ৷

ইতিমধ্যে ভূক্তভোগী মহিলা গৰাকীয়ে নুনমাটি থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই নিজৰা পাৰাৰ পৰা ছজনীয়া ডকাইতৰ দলৰ দুজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ডকাইত দুটাৰ নাম খবিৰ আলী আৰু আব্দুল আলী ৷ আনহাতে,আন চাৰি ডকাইতৰ সন্ধানত নুনমাটি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Exit mobile version