Special Court has handed down its verdict in the APSC ADO Recruitment Scam Case: এপিএছচি কৃষি উন্নয়ন নিযুক্তি কেলেংকাৰিৰ গোচৰৰ ৰায়দান

ৰাকেশ পালসহ ৩৪গৰাকীক দোষী ঘোষণা বিশেষ আদালতৰ, APSC আইনৰ ৭ নং ধাৰাৰ অধীনত ৭ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ, ১১জন অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ

apsc scam 1

Special Court has handed down its verdict in the APSC ADO Recruitment Scam Case:

এপিএছচি কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ চূডা়ন্ত ৰায়দান বিশেষ ন্যায়াধীশ আদালতৰ। আয়োগৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে এঘাৰজনক দোষমুক্ত কৰে ঘোষণা আদালতৰ ৷ এপিচিচি ৭ নং ধাৰাৰ অধীনত ৭ বছৰৰ কাৰাদণ্ডৰে দোষী সাব্যস্ত কৰে ন্যায়াধীশ দীপক ঠাকুৰীয়া বিশেষ আদালতে

উল্লেখ্য যে,ভঙাগড় থানাত ৰজু হোৱা গোচৰৰ অধীনত বিশেষ ন্যায়াধীশ আদালতে ক্ষীপ্ৰতাৰে শুনানী লৈ সোমবাৰে এই ৰায় প্ৰদান কৰে ৷ আনহাতে যিসকল বিষয়াক দোষী সাব্যস্ত কৰা হ’ল তেওঁলোকে হেৰুৱাব চাকৰি ৷ একেদৰে আদালতৰ পৰাই পোনে ন্যায়িক জিন্মাত যাব লাগিব কাৰাগাৰলৈ

আদালতে দোষমুক্ত কৰা বিষয়া সকল হ’ল ফিৰোজ মৰাণ, জ্যোতিবন দত্ত, ছেইজালী জহৰী, ধৃতিমান ৰয় মৌচুমী শইকীয়া বিকাশ পিঞ্চা, কুনাল দাস, কৌশিক কলিতা, ছৈয়দ মুছাৰফ হুছেইন আৰু বিউটী গগৈ ৷

আনহাতে আদালতে দোষী সাব্যস্ত কৰা সকল হ’ল আয়োগৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পাল,প্ৰাক্তন সদস্যদ্বয় বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান সহ কৃষি উন্নয়ন বিষয়া ক্ৰমে ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং,সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা আৰু বৰ্ণালী মেধি ৷

Exit mobile version