AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

alon musk

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে সামাজিক মাধ্যম ‘এক্স’ত এক ভিডিঅ’ শ্বেয়াৰ কৰিলে। এই ভিডিঅ’ৰ শিৰোনাম মাস্কে ‘এআই (কৃত্রিম বুদ্ধিমত্তা) ফেশন শ্ব” ৰাখিছে। কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগৰে প্ৰস্তুত কৰা ফেশন শ্ব’ত অংশ ল’লে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমীৰ পুটিনসহ বিশ্বৰ কে’বাখনো আগশাৰীৰ দেশৰ শীর্ষনেতাই। এই ভিডিঅ’ত বিশ্বৰ আগশাৰী দেশৰ কে’বাজনো নেতাই বিচিত্র গোছাক পৰিধান কৰি ভুমুকি মাৰিলে।

ৰাষ্ট্ৰনেতাকেইজনে ৰেম্পত মডেলে খোজকঢ়াৰ দৰেই অংগীভংগীও কৰিছিল। ৰাষ্ট্ৰনেতাৰ লগতে মাস্কৰ দ্বাৰা আয়োজিত এই এআই ফেশ্বন শ্ব’ত উদ্যোগপতি বিল গেটছ, টিম বুকৰ লগতে খ্রীষ্ট ধর্মগুৰু পোপ ফ্রান্সিছেও অংশ ল’লে। মোদীয়ে পৰম্পৰাগত পোছাক পৰিধান কৰাৰ বিপৰীতে পুটিনে পিন্ধিছিল বিলাসী ব্ৰেণ্ডৰ পোছাক

এই ফেশ্বন শ্ব’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এখন হুইল চেয়াৰত স্টাইলিস্ট কোর্ট আৰু চচমা পৰিধান কৰি অংশ লৈছিল। মাস্কে নিজেও মহাকাশচাৰীৰ পোছাকৰে এআই ফেশ্বন শ’ত অংশ লৈছিল। চীনৰ ৰাষ্ট্রপতি জি জিনপিং, কানাডাৰ প্রধানমন্ত্রী জাস্টিন টুডু, উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উন, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামা, এমেজনৰ মুৰব্বী জেফ বেজ’ছ, এপেলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুকেও ভুমুকি মাৰিছিল।

Exit mobile version