Large packages for Bihar and Andhra Pradesh in the budget:বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ বৃহৎ পেকেজ বাজেটত

modi 3

Large packages for Bihar and Andhra Pradesh in the budget:

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যালয়ৰ প্ৰথম খন ২০২৪ বৰ্ষৰ পূণাংগ বাজেট মঙলবাৰে সংসদত দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন এন ডি এক অক্সিজেন দি থকা এন ডিএৰ অন্যতম দুই দলক সন্তুষ্ট কৰিবলৈ বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ বৃহৎ পেকেজ বাজেটত ঘোষণা কৰে বিত্তমন্ত্ৰী গৰাকীয়ে

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে দায়িত্ব গ্ৰহণ কৰিছে থিকেই কিন্ত এইবাৰ বিজেপিৰ হাতত এককভাৱে নাছিল সংখ্যাগৰিষ্ঠতা। যাৰবাবে বিজেপিয়ে চৰকাৰ বতাই ৰাখিবৰ বাবে সহায়ভিক্ষা ল’বলগীয়া হয় চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেডৰ ৷

উল্লেখ কৰা প্ৰয়োজন যে, সময় সময়ে ৰং সলোৱাত সিদ্ধগ্ৰস্ত নীতিশ কুমাৰক সম্পূৰ্ণ বিশ্বাসত নলয় বিজেপিয়ে ৷ এনেক্ষেত্ৰত নীতিশক সন্তুষ্ট কৰি ৰাখিবৰ বাবে বাজেটত বেছি গুৰুত্ব দিয়াৰ অনুৰূপ ধৰণে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুকো পাৰ্যমানে গুৰুত্ব দিবলৈ চেষ্টা কৰা হৈছে। আজি সংসদত নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ আন্তগাঁঠনি উন্নয়ন আৰু বিশেষ বিত্তীয় পেকেজ ঘোষণা কৰে ৷সেই অনুসৰি বিহাৰৰ পথ নিৰ্মাণৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। পাটনা-পূৰ্ণিয়া এক্সপ্ৰেছ ৱে’, বক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছ ৱে’ নিৰ্মাণৰ লগে লগে বুদ্ধগয়া, ৰাজগীৰ, বৈশালী আৰু দৰভঙ্গাত পথ নিৰ্মাণৰ কাম ৷ তদুপৰি ৰাজ্য খনৰ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ বাজেটত ১১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে ।

বক্সাৰত গংগা নদীৰ ওপৰত নতুনকৈ দুই লেনৰ এখন দলং নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। ৰাজ্য খনৰ বিষ্ণুপদ মন্দিৰ কৰিৰ্ডৰ আৰু মহাবোধী মন্দিৰ কৰিৰ্ডৰক বিশ্বৰ তীৰ্থযাত্ৰী আৰু পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ লগতে ব্যাপকভাৱে বিকশিত কৰা হ’ব ৰাজগীৰক ৷ পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলা হ’ব নালন্দা ৷ পুনৰুজ্জীৱিত হ’ব নালন্দা বিশ্ববিদ্যালয় ৷ তদুপৰি কোশীৰ সৈতে জড়িত জলসিঞ্চন ক্ষেত্ৰত কাম কৰাৰ কথাও ঘোষণা কৰা হৈছে বাজেটত বিহাৰত নতুন বিমানবন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ উপৰিও পিৰপেইণ্টিত ২৪০০ মেগাৱাটৰ নতুন বিদ্যুৎ প্ৰকল্প স্থাপনকে ধৰি বিদ্যুৎ প্ৰকল্পসমূহৰ বাবে ২১৪০০ কোটি টকা ব্যয় কৰা হ’ব বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে।

আনহাতে , অন্ধ্ৰ প্ৰদেশকো এই বাজেটত যথেষ্ট উপকৃত হ’ব পৰাকৈ বৃহৎ পেকেজৰ কথা ঘোষণা কৰা হয়। ৰাজ্যখনৰ মূলধনৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি ৰাজ্যখনৰ বাবে বিশেষ বিত্তীয় সাহায্য ঘোষণা কৰিছে। চলিত বিত্তীয় বৰ্ষৰ সমান্তৰালভাৱে ভৱিষ্যতে অতিৰিক্ত পৰিমাণৰ সৈতে ১৫,০০০ কোটি টকাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে সীতাৰমণে ৷ একেদৰে ৰাজ্য খনৰ পুনৰ গঠন আইন আৰু ৰাজধানী চহৰৰ আন্ত:গাঁঠনিৰ বাবে পুৰ্ণ প্ৰতিশ্ৰুতি দিয়া হয় ৷

Exit mobile version