Handmade rifle recovered from pit in BTAD:বিটিএডিত গাঁতৰ পৰা উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

এঘাৰটাকৈ হস্তনিৰ্মিত ৰাইফল উদ্ধাৰ

rifls

Handmade rifle recovered from pit in BTAD

বি টি এ ডিৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত জব্ বুজন পৰিমাণৰ অবৈধ মাৰাণস্ত্ৰ। মঙলবাৰে নিশা কোকৰাঝাৰত আৰক্ষীয়ে গোপন সূত্ৰৰ পদখেদি মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ১১ টাকৈ হস্তনিৰ্মিত ৰাইফল

আনহাতে,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ এখন ফটোৰ সৈতে এক্সত এই বিষয়ে উল্লেখ কৰিছে | উল্লেখ্য ইয়াৰ পূৰ্বে ১৭ জুলাইত চিৰাং আৰক্ষীয়ে ৰুণীখাতা আৰু বিজনীৰ বিভিন্ন অঞ্চলৰ পৰা ২ টা হস্তনিৰ্মিত একে ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, ৫ জাই সক্ৰিয় গুলী আৰু ৬ টা ওৱাকী টকী উদ্ধাৰ কৰাৰ লগতে ১৮ জুলাইত চিৰাঙৰ পৰা ১২ টা হস্তনিৰ্মিত বন্দুক,এটা ৰিভলভাৰ আৰু ৪ টা পিষ্টল উদ্ধাৰ কৰা হৈছিল।

১৭ জুলাইত চিৰাং আৰক্ষীয়ে বিজনী আৰু ৰুণীখাতা থানা এলেকাৰ পৰা ২ টা হস্তনিৰ্মিত একে ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, ৫ জাই সক্ৰিয় গুলী আৰু ৬ টা ওৱাকী টকী উদ্ধাৰ কৰিছিল ।

Exit mobile version