Kokrajhar Double Murder Incident : কোকৰাঝাৰত ডাবল মাৰ্ডাৰক লৈ চাঞ্চল্য

জোঁৱায়েকে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নী-শাহুয়েকক, হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন জোঁৱাই মানৱ সাহা

kokrajhar 2

Kokrajhar Double Murder Incident :

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ । বিশেষকৈ ধাৰাবাহিকভাবে সংঘটিত হৈ আহিছে লোমহৰ্ষক হত্যাকাণ্ড ৷ পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰি যায় কোকৰাঝাৰক। চহৰ খনৰ শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। মাতৃ- কন্যাক ঘপিয়াই হত্যা কৰাৰ সন্দেহ জোঁৱায়েকৰ বিৰুদ্ধে ৷

দাৰে ঘপিয়াই আশা মল্লিক আৰু দীপশিখা মল্লিকক হত্যা অভিযোগ উত্থাপন হৈছে জোঁৱায়েক মানৱ সাহাৰ বিৰুদ্ধে। হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন জোঁৱাই মানৱ সাহা ৷

আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কি কাৰণ পত্নী- শাহুক নৃশংসভাৱে হত্যা কৰিলে এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে পলাতক জোঁৱাই মানৱ সাহাৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। মানৱ সাহা জালত পৰাৰ পিছত সকলো তথ্য পোহৰলৈ আহিব ৷

Exit mobile version