Robbers Raped an Unconscious Woman:নগাঁৱৰ ধিঙত জঘন্য ঘটনা

চেতনানাশক ঔষধ ছটিয়াই মহিলাক অচেতন কৰি লুট-পাত ডকাইতৰ, ৬০ৰ ঊর্ধ্বৰ অচেতন মহিলাক দলবদ্ধ ধৰ্ষণ ডকাইতৰ, নগাঁও চিভিল হাস্পতালত মৃত্যুৰে যুঁজি আছে মহিলা গৰাকীয়ে

dhing

Robbers Raped an Unconscious Woman:

নগাঁৱৰ ধিঙত সংঘটিত এক জঘন্য ঘটনাই জোকাৰি গৈছে জিলা খনক ৷ অকলশৰীয়া ৬০ৰ ঊর্ধ্বৰ মহিলাক চেতনানাশক ঔষধ ছটিয়াই ডকাইত লুটি নিলে সোনৰ আ- অলংকাৰ ৷ তাৰ পাছতে অচেতন মহিলাক দলবদ্ধ ধৰ্ষণ কৰে ডকাইতৰ দলটোৱে ৷ বর্তমান নগাঁও চিভিল হাস্পতালত মৃত্যুৰে যুঁজিছে মুমুষ মহিলাগৰাকীয়ে।

ধিঙৰ শ’লগুৰিৰ বামগাঁৱত সংঘটিত এই ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত । ডকাইতৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন মহিলা গৰাকীয়ে এই পৰ্যন্ত মুখ খোলা নাই ৷ স্থানীয় লোকে এই জঘন্য ঘটনাৰ স’তে জড়িত ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷

Exit mobile version